![]()
নিউজ ডেস্কঃ
অসমবাসী হেঁপাহৰ অসম জাতীয় পৰিষদৰ আনুষ্ঠানিক আত্মপ্ৰকাশ। লক্ষাধিক জনতা সাক্ষী হৈ ৰল ঐতিহাসিক শিৱসাগৰ বৰ্ডিং খেলপথাৰ।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন আজি সামৰণি পৰে। সামৰণি দিনটোত কেন্দ্ৰীয় সমিতি গঠন আৰু মুকলি সভা অনুষ্ঠিত হয় বৰ্ডিং খেলপথাৰত।শদিয়া পৰা ধুবুৰীলৈ লক্ষ-লক্ষ জনতা উপস্থিতিত পুনৰ জীপাল হ’ল সম্প্ৰীতি অন্যতম নিদৰ্শন শিৱসাগৰ।
অসমৰ বাৰেৰহনীয় কৃষ্টি-সংস্কৃতি প্ৰয়োভৰ ঘটিল এজেপি অভিৱৰ্তনখনত। জাতি-ধৰ্ম-বৰ্ণ-ভাষা সকলো ভেদা-ভেদ পাহৰি সমস্বৰে চিঞঁৰি উঠিল শিৱসাগৰ আকাশ।প্ৰতিজন স্বাভিমানী অসমীয়া দুচকুত পৰিস্ফুট হ’ল জাতীয়তাবাদৰ স্বপ্ন।













