![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা আজনজাতিসকলৰ ভোটাধিকাৰ কর্তনৰ দাবীত প্রতিবাদ অব্যাহত আছে। বুধবাৰে সন্ধিয়া কার্বি আংলং জিলাৰ ডকমকাত এপিএইচএলচিৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱাৰ পাছত আজি ডিফুত ২৪খনকৈ সংগঠনৰ ঐক্যমঞ্চই ডিফুস্থিত ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মুখত ধৰ্ণাত বহাৰ লগতে ডিফু চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়।

মূলতঃ সংবিধানৰ যষ্ঠ অনুসূচীৰ অধীনত পৰম্পৰাগত গ্রাম্য পৰিষদ গঠন কৰা, অজনজাতীয়সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা, লেণ্ড এণ্ড ৰিভল্যেছন এক্ট ১৮৮৬ বাতিল কৰি পৰাম্পৰাগত আইন প্রৱর্তন কৰা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত পৰাম্পৰাগত আইন ব্যৱস্থা প্রৱর্তন কৰা আদিৰ দাবীত ২৪খনত কৈ অধিক সংগঠনৰ সন্মিলিত মঞ্চৰ সহস্রাধিক সদস্য-সমর্থক ধৰ্ণাত বহে। ধৰ্ণাস্থালীত প্রতিবাদকাৰী নেতাসকলে সংবাদ মাধ্যমৰ আগত কয় যে, বর্তমান চৰকাৰে জনজাতীয় গোষ্ঠী সমূহকনিঃশেষ কৰাৰ চক্রান্ত চলাইছে।

সেয়ে বাধ্য হৈ ৰাজপথত নামি প্ৰতিবাদ জনাবলগীয়া হৈছে। জনজাতিয় লোকসকলৰ ভবিষ্যত সুৰক্ষিত নোহোৱালৈকে এই আন্দোলন আৰু প্রতিবাদ অব্যাহত থাকিব বুলিও নেতাসকলে স্পষ্ট কৰি দিয়ে। সমদলত অংশগ্রহণকাৰীসকলে “ছিক্স ছেডুউল লং লীভ, টাইবেল ইউনিটি লং লিভ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।












