ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলঙৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অধিকৃত ভূমিৰ ক্ষতিপূৰণৰ ধন প্ৰদানৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিক লৈ সৰৱ হৈ পৰিছে কাৰ্বি ফাৰ্মাছ এছ’চিয়েছন চমুকৈ কেএফএ৷
বুধবাৰে কেএফএৰ বিৰলাস্থিত কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ নেতৃবৰ্গই সদৰী কৰে যে ডবকাৰ পৰা মাঞ্জাহৈ ডিমাপুৰলৈকে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ভূমি অধিগ্ৰহণৰ নামত হিতাধিকাৰীক প্ৰথম পৰ্যায়ত দিয়া ক্ষতিপূৰণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি গম পাই কেএফএই ঘটনাস্থলীত চৰজমিন তদন্ত কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীৰ সাক্ষ্য গ্ৰহণ কৰি দুৰ্নীতিৰ সত্যতা সন্দৰ্ভত উমান লয়৷
https://youtu.be/5wNDtBcQrTw
তদন্ত কালত প্ৰকৃত হিতাধিকাৰীক ক্ষতিপূৰণ দিয়াৰ পৰিৱৰ্তে কাৰ্বি আংলঙৰ সংশ্লিষ্ট বিভাগৰ কাৰ্যালয়ৰ বহু সংখ্যক মণ্ডল, এছকে, কম্পিউটাৰ অপাৰেটৰকে আদি কৰি বিভিন্নজনে উক্ত স্থানৰ ভূমি পট্টা বনাই ক্ষতিপূৰণৰ নামত কোটি কোটি টকা সৰকাই নিয়াৰ কথা পোহৰলৈ আহে বুলি অভিযোগ উত্থাপন কৰে৷ প্ৰকৃত হিতাধিকাৰীৰ ভূমি পট্টাত আসোঁৱাহৰ অজুহাত দেখুৱাই বিভাগীয় এছকে, মণ্ডলসকলে ষড়যন্ত্ৰ ক্ৰমে নিজৰ নামত পট্টা উলিয়াই ক্ষতিপূৰণৰ কৌটি কৌটি টকা আত্মসাৎ কৰিছে বুলি অভিযোগ কৰে৷
ইয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বিভাগীয় ইএমক ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে৷ এইলৈ মুখ্য কাৰ্যবাহী সদস্যজনলৈ সংগঠনটোৰ তৰফৰপৰা স্মাৰক পত্ৰৰে দুৰ্নীতিত লিপ্ত থকা সকলক শাস্তি প্ৰদান কৰাৰ ওপৰি প্ৰকৃত হিতাধিকাৰীসকলক ক্ষতিপূৰণ দিয়াৰ দাবী জনাব বুলি কয়৷ দাবী পূৰ্ণ নহ’লে অনশনৰ লগতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও হুংকাৰ দিছে কেএফএয়ে৷













