প্ৰতিটো পৰিষদীয় সমষ্টিৰ দৰিদ্ৰ ৰাইজক মাছৰ পোনা দিয়া হ’বঃ চিইএম তুলিৰাম ৰংহাং
ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত বুধবাৰে লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ উদ্যোগত মাছৰ পোনা বিতৰণ কৰা হয়৷ ডিফুৰ ৰুকাছেন মৎস্য উদ্যানত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলৰ মাজত ১ লাখ মাছৰ পোনা বিতৰণ কৰা যায়৷
মুখ্য অতিথিৰ ভাষণত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনত মৎস্য পালনেৰে আত্মনিৰ্ভৰশীল হ’বলৈ দুখীয়া ৰাইজৰ স্বাৰ্থত ১৫ লাখ টকীয়া এক মৎস্য প্ৰজনন স্থান নিৰ্মাণ কৰা হ’ব বুলি কয়৷
লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ প্ৰতিটো পৰিষদীয় সমষ্টিৰ দুখীয়া হিতাধিকাৰীক আৰ্থিক সকাহ দিয়াৰ বাবে বিনামূলীয়াকৈ মাছৰ পোনা প্ৰদান কৰা হ’ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যজনে৷ এই কাৰ্যসূচীত স্থানীয় ইএম ৰতন টেৰণ, বিভাগীয় ইএম ৰূপচিং টেৰণ, আন কেইবাগৰাকীও ইএম, এমএচি আৰু বিভাগীয় বিষয়া-কৰ্মী উপস্থিত থাকে৷












