![]()
নিউজ ডেস্কঃ
আইচিচিয়ে ২০১০-২০২০ দশকটোৰ বাবে তিনিওটা ফৰ্মেটৰ দল ঘোষণা কৰিছে। ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক-উইকেটকিপাৰ বেটছমেন মহেন্দ্র সিং ধোনীক এদিনীয়া আৰু টি-২০ ফৰ্মেটৰ অধিনায়ক নিৰ্বাচন কৰা হৈছে। টেষ্ট দলটোৰ নেতৃত্ব প্ৰদান কৰা হৈছে বিৰাট কোহলিক৷ তিনিওটা ফৰ্মেটৰ বাবে ১১জন খেলুৱৈৰ দল ভোটিঙৰ আধাৰত নির্বাচিত কৰিছে। এদিনীয়া আৰু টি-২০ এই দুই ফৰ্মেটতেই নির্বাচিত দলত ভাৰতীয় খেলুৱৈৰ দপদপনি অব্যাহত আছে।
কেৱল দলৰ ঘোষণা কৰাই নহয়, আইচিচিয়ে এই দশকটোত দুর্দান্ত প্রদর্শন কৰা খেলুৱৈসকলক পুৰস্কৃত কৰাৰো সিদ্ধান্ত লৈছে। দশকটোৰ শ্ৰেষ্ঠ বলাৰ, শ্ৰেষ্ঠ বেটছমেন আৰু শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ বঁটা ইয়াত আছে।
পৃথক পৃথক বঁটাৰ বাবে আইচিচিয়ে ছচিয়েল মিডিয়াত পৃথক পৃথক ভোটিঙৰ ব্যৱস্থা কৰিছে। আইচিচিয়ে অৱশ্যে ইয়াৰ সিদ্ধান্ত এতিয়ালৈকে প্ৰকাশ কৰা নাই।
আইচিচিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট একাদশ : এলেষ্টাৰ কুক, ডেভিড ৱাৰ্নাৰ, কেন উইলিয়ামছন, বিৰাট কোহলি (অধিনায়ক) ষ্টিভ স্মিথ, কুমাৰ ছাংগাকাৰা (উইকেটকিপাৰ), বেন ষ্ট্ৰোক, আৰ অশ্বিন, ডেল ষ্টেইন, ষ্টুৱাৰ্ট ব্ৰড, জেমছ এণ্ডাৰছন৷
আইচিচিৰ দশকটোৰ শ্ৰেষ্ঠ এদিনীয়া একাদশ : ৰোহিত শৰ্মা, ডেভিড ৱাৰ্নাৰ, বিৰাট কোহলি, এবি ডিভিলিয়াৰ্ছ, ছাকিব আল হাচান, এম এছ ধোনা (অধিনায়ক-উইকেটকিপাৰ) বেন ষ্ট্ৰোক, সিচ্চেল ষ্টাৰ্চ, ট্ৰেণ্ট ব’ল্ট, ইমৰান তাহিৰ, লাচিত মালিংগা৷
আইচিচিৰ দশকটোৰ শ্ৰেষ্ঠ টি-২০ একাদশ :
মহেন্দ্র সিং ধোনী (উইকেটকিপাৰ আৰু অধিনায়ক, ভাৰত), ৰোহিত শর্মা (ভাৰত), ক্রিছ গেইল (ৱেষ্টইণ্ডিজ), এৰন ফিন্স (অষ্ট্ৰেলিয়া), বিৰাট কোহলি (ভাৰত), এবি ডিভিলিয়াৰ্ছ (দক্ষিণ আফ্রিকা), গ্লেন মেক্সৱেল (অষ্ট্ৰেলিয়া), কায়ৰন পোলার্ড (ৱেষ্টইণ্ডিজ), ৰচিদ খান (আফগানিস্তান), যশপ্রীত বুমৰাহ (ভাৰত), লাচিত মালিঙ্গা (শ্রীলঙ্কা)।













