নিউজ ডেস্কঃ
আইচিচিৰ দশকটোৰ শ্ৰেষ্ঠ পুৰুষ ক্রিকেটাৰৰ সন্মান লাভ কৰিছে ‘মেন ইন ব্লু’ৰ অধিনায়ক বিৰাট কোহলিয়ে। তেওঁ লাভ কৰিছে আইচিচিৰ দশক শ্ৰেষ্ঠ ছাৰ গাৰফিল্ড ছোবাৰ্ছ বঁটা। লগতে তেওঁৰ দলটোৱে লাভ কৰিছে আইচিচিৰ এদিনীয়া ক্রিকেটৰ দশকটোৰ শ্ৰেষ্ঠ ক্রিকেটাৰৰ বঁটা।
শ্ৰেষ্ঠত্বৰ দৌৰত কোহলিৰ সৈতে আছিল ভাৰতৰ ৰবিচন্দ্রন অশ্বিন, ইংলেণ্ডৰ জো ৰুট, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, দক্ষিণ আফ্রিকাৰ এবি ডিভিলিয়াৰ্ছ, নিউজিলেণ্ডৰ কেন উইলিয়ামছনৰ দৰে তাৰকাসকল। সকলোকে চেৰাই শেষ হাঁহি মাৰে কোহলিয়ে।
আনহাতে, ধোনিয়ে লাভ কৰিছে দশকটোৰ শ্ৰেষ্ঠ ‘স্পিৰিট অব দ্য ক্রিকেট’ বঁটা। ইয়াৰ উপৰি দশকটোৰ শ্ৰেষ্ঠ টেষ্ট ক্রিকেটাৰৰ বঁটা লাভ কৰিছে স্মিথে। দশকটোৰ শ্ৰেষ্ঠ টি-২০ ক্রিকেটাৰৰ বঁটা লাভ কৰিছে আফগানিস্তানৰ ৰচিদ খানে।
দশকটোৰ শ্ৰেষ্ঠ মহিলা ক্রিকেটাৰৰ সন্মান লাভ কৰিছে অষ্ট্ৰেলিয়াৰ এলিছে পেৰিয়ে।