নিউজ ডেস্কঃ
মাত্র ১৪ বছৰ বয়সতেই গ্ৰেণ্ড মাষ্টাৰ হ’ল গোৱাৰ কিশোৰ লিওন মেন্ডনকা। ইটালিৰ এক দবা টুর্নামেন্টত জয়ী হৈ দেশক এই সন্মান আনি দিলে কিশোৰজনে। মাত্র ১৪ বছৰ ৯ মাহ ১৭ দিন বয়সৰ লিওন গোৱাৰ দ্বিতীয় আৰু দেশৰ ৬৭ তম গ্ৰেণ্ড মাষ্টাৰ। যোৱা অক্টোবৰত জিএম নর্মৰ প্রথম ৰাউণ্ডৰ মেচত তেওঁ বিজয় পায় ৰিগো চেজত। ইয়াৰ পিছত নৱেম্বৰত বুডাপেস্টত ফার্স্ট ছেটাৰডে ইভেন্টত জয়ী হয়।
শেষত ইটালিৰ ভার্গানি কাপতো বিজয় সাব্যস্ত কৰে। বাছানো ডেল গ্রাপ্পাৰ ভার্গানি কাপত লিওনে ৬.৫ পয়ন্ট লাভ কৰি দ্বিতীয় হয়। ৭ পয়ন্ট লাভ কৰি প্রথম হয় ইউক্রেনৰ ভিটালি বার্নাডস্কি।স্বাভাবিকতেই গ্ৰেণ্ড মাষ্টাৰ হৈ অত্যন্ত সুখী গোৱাৰ কিশোৰজন।