নিউজ ডেক্স:
নতুন বছৰৰ আৰম্ভণিতেই নতুন ৰেকর্ড গঢ়িলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বিশ্বৰ প্ৰতিপত্তিশীল ৰাষ্ট্র নায়কসকলক চেৰ পেলালে মোদীয়ে। মার্কিন যুক্তৰাষ্ট্রৰ এক সংস্থাৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষাৰ ৰিপোর্টত কৈছে, এই মুহূর্তত বিশ্বৰ সকলোতকৈ জনপ্রিয় ৰাষ্ট্রনায়ক প্রধানমন্ত্রী নৰেন্দ্র মোদী।
শনিবাৰে এই বিষয়টো টুইট কৰি জনাইছে ৰাজ্যসভাৰ সাংসদ আৰু বিজেপিৰ সর্বভাৰতীয় সভাপতি জেপি নাড্ডাই। তেওঁ লিখিছে, “মর্নিং কনছাল্ট নামৰ আমেৰিকাৰ এক সংস্থাই মোদীজীক বিশ্বৰ সকলোতকৈ জনপ্রিয় নেতাৰ স্বীকৃতি দিছে। কৰোনা পৰিস্থিতিত তেওঁৰ নেতৃত্বত দেশে সংকট দূৰ কৰি ঘূৰি আহিছে। এয়া তাৰেই স্বীকৃতি।”
উল্লেখ্য, জাপান, ব্রাজিল, আমেৰিকাৰ দৰে ১৩খন দেশৰ প্রধানসকলৰ ওপৰত সমীক্ষা চলায় সংস্থাটোৱে। তাৰ পিছতেই এই ৰিপোর্ট প্ৰকাশ কৰে। জানিব পৰা মতে, ১৩ ৰাষ্ট্রপ্রধানৰ ভিতৰত ৫৫ শতাংশ ভোট লাভ কৰি তালিকাৰ শীর্ষত আছে প্রধানমন্ত্রী মোদী।











