নিউজ ডেক্স:
প্লাষ্টিক প্ৰদূষণৰ পৰা ৰেহাই পাবলৈ প্লাষ্টিক পুনর্নবীকৰণেই একমাত্র পথ বুলি কয় বিজ্ঞানীসকলে। এইবাৰ পেলনীয়া প্লাষ্টিক বটল, ৰবৰসহ একাধিক বর্জ্য ব্যৱহাৰ কৰি চালে চকু ৰোৱা ৰিজ’র্ট নিৰ্মাণ কৰিলে ৪ যুৱকে।
এই কামৰ অন্যতম উদ্যোক্তা জোৰাবৰ পুৰোহিতে কয়, “২০১২ চনৰ পৰা মই আন্দামান দ্বীপপুঞ্জত ডাইভিং ইন্সট্রাক্টৰ হিচাবে কাম কৰিছো। প্রথম দিনৰ পৰাই মই দ্বীপত প্রচুৰ পৰিমাণে প্লাষ্টিকৰ বর্জ্য দেখিলো।
গতিকে মই স্থিৰ কৰো যে মই যদি কেতিয়াবা কিবা ব্যৱসায় আৰম্ভ কৰো তেতিয়াহ’লে ই এনে হ’ব যিয়ে পৰিবেশৰ একো ক্ষতি নকৰিব৷’ ভবা মতেই কাম। অখিল বার্মা, আদিত্য বার্মা আৰু ৰোহিত পাঠককে লগত লৈ তেওঁ নিৰ্মাণ কৰে Outback Havelock নামৰ এই পৰিবেশ বান্ধৱ ৰিজ’র্টখন।
এই ৰিজ’র্টখন নিৰ্মাণৰ বাবে জোৰাবাৰ আৰু তেওঁৰ বন্ধুসকলে ফ্রেঞ্চ আর্কিটেকচাৰ সন্দৰ্ভত বহু গৱেষণা কৰিছিল। নির্মাণ সামগ্রী হিচাবে বালি আৰু ধূলিভৰ্তি প্লাষ্টিকৰ বটলবোৰ ইটাতকৈ ১০ গুণ বেছি শক্তিশালী আৰু পানী প্রতিৰোধী বুলি জনাইছে জোৰাবাৰে। তেওঁলোকে আন্দামানৰ বিভিন্ন স্থানৰ পৰা বর্জ্য প্লাষ্টিকৰ বটল সংগ্রহ কৰি তেওঁলোকৰ ৰিজ’র্টখনৰ নির্মাণকাৰ্য আৰম্ভ কৰে।
৫ লাখ প্লাষ্টিকৰ বটলৰ উপৰি তেওঁলোকে নির্মাণৰ বাবে ৫০০ কেজি ৰবৰ বর্জ্য সংগ্রহ কৰে। বটলবোৰ বিলাসবহুল কোঠা নিৰ্মাণৰ বাবে ব্যৱহৃত হৈছিল৷ ৰিজ’র্টত ফুটপাথ নিৰ্মাণ কৰিবলৈ ৰবৰ ব্যৱহাৰ কৰা বুলি জোৰাবাৰে জনায়।
‘আউটবেক হেভলক’খনত মুঠ ৯ জন কর্মচাৰী আছে। মহামাৰীৰ পূৰ্বে তেওঁলোকৰ ৰিজ’ৰ্টলৈ প্রতিদিনে ৮০ জনৰো অধিক পর্যটক আহিছিল। ইয়াৰ নিৰ্মাণৰ বাবে ১ কোটি টকা খৰচ কৰিলেও এই মুহূর্তত তেওঁলোকৰ টার্নঅভাৰ ডেৰ কোটিৰো অধিক বুলি জানিবলৈ দিয়ে জোৰাবাৰে।











