নিউজ ডেস্কঃ
৫ জানুৱাৰী, ১৯৭১। এক প্রকাৰ বাধ্য হৈয়েই সিদিনাখন অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ ক্রিকেটাৰসকল খেলপথাৰত নামিবলৈ বাধ্য হৈছিল। ভ্ৰমণৰ তৃতীয় টেস্ট বৰষুণৰ বাবে বাতিল হোৱাত ৪০ ওভাৰৰ এখন এদিনীয়া মেচৰ আয়োজন কৰা হয়। কেৱল দর্শকৰ বিনোদনৰ কথা ভাবিয়ে আয়োজন কৰা সেই মেচ যে ইতিহাস হ’বলৈ আগবাঢ়িছে বুজিবই পৰা নাছিল মেচখনৰ ইংৰাজ অধিনায়ক ৰেমণ্ড ইলিংৱাৰ্থে।
৮৮ বছৰীয়া ইলিংৱার্থৰ আজিও সেই মেচৰ স্মৃতি সজীৱ। তেওঁ কয়, “মেচখন আমাৰ কাৰ্যসূচীৰ ভিতৰত নাছিল। হঠাৎ জনাই দিয়া হয় যে আমি খেলিব লাগিব।”
উল্লেখযোগ্য যে টি-২০ যুগত আহিও এদিনীয়া ক্রিকেটৰ ঐতিহ্য অলপো কমা নাই। এদিনীয়া খেলৰ বাবে অপেক্ষা কৰি থাকে ক্রিকেটাৰসকলে। কিন্তু ৫০ বছৰ আগতে সেই মেচ খেলাৰ বাবে ইংলেণ্ডৰ ক্রিকেটাৰসকলে খুব বেছি টকাও পোৱা নাছিল। ইলিংৱাৰ্থে কয়, “আমি কোনোৱে প্রথমতে মেচখন খেলিব বিচৰা নাছিলোঁ। আমাক ৰাজী কৰোৱাৰ বাবে প্রথমতে খুব বেয়া ব্যৱহাৰ কৰা হয়। আমি কোনোৱে মেচখন গুৰুত্বসহকাৰে লোৱা নাছিলোঁ। আমি খুব বেছি টকা পোৱা নাছিলোঁ যদিও অষ্ট্ৰেলিয়াই কিন্তু সম্পূৰ্ণ মেচ ফি পাইছিল।”
প্রথমে বেট ধৰি মেচখনত ১৯০ ৰান কৰে ইংলেণ্ডে। ৫ উইকেট হেৰুৱাই সেই ৰান সংগ্ৰহ কৰে অষ্ট্ৰেলিয়াই। ৫০ বছৰ আগতে প্রথম এদিনীয়া মেচৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছিল ইংলেণ্ডৰ জন এড্রিকে। ৮২ ৰান কৰে তেওঁ। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বোচ্চ ৰান কৰিছিল দলৰ সহ-অধিনায়ক ইয়ান চেপেলে। তেওঁ ৬০ ৰান কৰে।