নিউজ ডেস্কঃ
চিডনিত বর্ণ বৈষম্যৰ চিকাৰ হ’ল ভাৰতীয় জাতীয় দলৰ ক্ৰিকেটাৰ যশপ্রীত বুমৰাহ আৰু মহম্মদ চিৰাজ৷ এদল মদাসক্ত অষ্ট্ৰেলিয়ান সমর্থকৰ বিৰুদ্ধে ভাৰতৰ দুই পেছাৰক বর্ণবিদ্বেষী মন্তব্য আৰু অশ্রাব্য গালিগালাজ কৰাৰ অভিযোগ উঠিছে৷ শনিবাৰে চিডনিত চলি থকা ভাৰত-অষ্ট্ৰেলিয়া টেস্টৰ তৃতীয় দিনৰ শেষত এই ঘটনা ঘটা বুলি জানিব পৰা গৈছে৷
বিচিচিআইৰ পক্ষৰ পৰা আইচিচিৰ মেচ ৰেফাৰী ডেভিড বুনক লিখিত অভিযোগ দাখিল কৰা হৈছেছে৷ জানিব পৰা মতে দ্বিতীয় দিনাও একেই ঘটনা ঘটিছিল৷ আজি খেলৰ শেষত অজিঙ্ক ৰাহানে, আৰ অশ্বিনৰ দৰে জ্যেষ্ঠ ক্রিকেটাৰসকলে দুই অনফিল্ড আম্পায়াৰ পল ৰাফেল আৰু পল উইলছনক জনায় যে দলৰ দুই ক্রিকেটাৰক বর্ণবিদ্বেষী মন্তব্যৰ লগতে অশ্রাব্য গালিগালাজো কৰা হৈছে৷ ইয়াৰ পিছত এই বিষয়ত আম্পায়াৰ, নিৰাপত্তা বিষয়া আৰু দলৰ জ্যেষ্ঠ ক্রিকেটাৰসকলে পাঁচ মিনিটমান আলোচনাও কৰে৷