নিউজ ডেস্কঃ
২০২০ত আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ধোনিয়ে চলাই গৈছে বিভিন্ন ব্যৱসায়। এইবাৰ তেওঁ আগবাঢ়িছে ডুবাইৰ বজাৰলৈ ফল-পাচলি ৰপ্তানিৰ ব্যৱসায় কৰিবলৈ।
ধোনিৰ ফার্মত অৰ্গেনিক কৃষি
ব্যৱসায়-বাণিজ্য সংক্রান্তৰ এটি সংবাদ সংস্থাৰ মতে, ধোনিয়ে নিজৰ ব্যৱসায় পৰিকল্পনা ইতিমধ্যে কৰি পেলাইছে। ৰাঁচীৰ ফার্ম হাউছত ধোনিয়ে বহু দিনৰ পৰাই অৰ্গেনিক কৃষি কৰি আহিছে। কৰোনাকালত লকডাউনৰ মাজতে তেওঁক অৰ্গেনিক কৃষি কৰা দেখা গৈছিল। ট্ৰেক্টৰ চলাবও শিকে মাহিয়ে।
ডুবাইলৈ ফল-পাচলি ৰপ্তানি কৰিব ধোনিয়ে
এইবাৰ জানিব পৰা মতে, মাহিৰ উৎপাদিত অৰ্গেনিক ফচল বিদেশলৈও ৰপ্তানি কৰা হ’ব। ধোনিৰ উৎপাদিত ফচল, পাচলি আৰু ফল ডুবাইলৈ ৰপ্তানি কৰা হ’ব। তাৰ পৰা আৰব আৰু একাধিক দেশলৈ যাব।
আগবাঢ়ি আহিছে ঝাড়খণ্ড চৰকাৰ
ঝাড়খণ্ডৰ কৃষি বিভাগে ধোনিৰ এই কামত সহায় কৰিবলৈ আগবাঢ়িছে। তেওঁলোকৰ উদ্যোগতেই ধোনিৰ ফাৰ্মত উৎপাদিত অৰ্গেনিক পণ্য আৰব দেশলৈ ৰপ্তানি কৰা হ’ব।