বিশেষ প্ৰতিবেদন:
এয়াৰ ইণ্ডিয়াৰ মহিলা পাইলটৰ এটা দলে ৰচনা কৰিবলৈ আগবাঢ়িছে এক নতুন ইতিহাস । এই দলটোৱে পৃথিৱীৰ দীৰ্ঘতম বায়ুমাৰ্গেৰ সুমেৰুৰে যাত্ৰা আৰম্ভ কৰিছে ।
জানিব পৰা গৈছে যে ৯ জানুৱাৰী তাৰিখে এই দলটোৱে চেনফ্ৰান্সিস্ক’ৰপৰা যাত্ৰা আৰম্ভ কৰি বাংগালোৰ পাবহি আৰু প্ৰায় ১৬,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।
উল্লেখ যোগ্য যে, উত্তৰ মেৰুৰ ওপৰেৰে কৰা যাত্ৰা অতি দুঃসাহসিক ৷ সাধাৰণতে এয়াৰ কোম্পেনীয়ে দক্ষ পাইলট সকলকহে এই পথেৰে যাত্ৰা কৰিবলৈ নিৰ্বাচন কৰে।এইবাৰ এয়াৰ ইণ্ডিয়াই এগৰাকী মহিলা কেপ্টেইন জয়া আগৰৱালক চেনফ্ৰান্সিস্ক’ৰপৰা বাংগালোৰলৈ কৰা এই যাত্ৰাৰ দায়িত্ব অৰ্পন কৰিছিল ৷











