বিশেষ প্ৰতিবেদন:
এজন মানুহে পাঁচটা, ছয়টা, সাতটা বা ১০-১২টা ভাষা জানিব পাৰে। কিন্তু একেলগে ১২০টা ভাষা জনাটো খুব সহজ কথা নহয়। কেৱল জনাই নহয়, সেই ভাষাত অনর্গল গান গোৱাৰ বাবেও দক্ষতাৰ প্রয়োজন। আৰু এই দক্ষতাই আছে ডুবাই নিবাসী সুচেতা সতীশৰ। মাত্র ১৩ বছৰৰ এই ভাৰতীয় তৰুণীগৰাকীৰ এই দক্ষতাৰ ফলতেই গঢ়ে বিশ্ব ৰেকর্ড।
সুচেতাই জয় কৰে 100 Global Child Prodigy বঁটা। কেৱল ১২০টা ভাষাত গান হোৱাই নহয়, এই বঁটা তেওঁ লাভ কৰিছে এগৰাকী শিশুশিল্পী হিচাবে সৰ্বাধিক সময় ধৰি কনছার্ট কৰাৰ বাবেও।
ডুবাইৰ খালিজ টাইমছৰ ৰিপোর্ট অনুযায়ী, ডুবাই ইণ্ডিয়ান হাইস্কুলৰ ছাত্রী সুচেতাই ইয়াৰ আগতেও এনে বহু ভাষাত গান গাইছে আৰু সম্প্রতি এটি এলবামো ৰিলিজ কৰিছে। এলবামটোত দক্ষিণী ছুপাৰষ্টাৰসকলক দেখা যাব।
বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সুচেতাই কয়, তেওঁ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে তেওঁৰ দুটা বিশ্ব ৰেকর্ডৰ বাবে। এটি সকলোতকৈ বেছি ভাষাত গান গোৱা আৰু আনটি সকলোতকৈ বেছি সময় ধৰি কনছার্ট কৰাৰ বাবে। শেষৰ ৰেকর্ডটি তেওঁ এবছৰ আগতে কৰিছিল। ডুবাইৰ ইণ্ডিয়ান কনছুলেট অডিটৰিয়ামত এটি অনুষ্ঠানত ১০২টা ভাষাত ৬.১৫ ঘণ্টা একেলগে গান গাইছিল তেওঁ।
উল্লেখ্য, ডঃ এ পি জে আব্দুল কালাম ইণ্টাৰনেচনেল ফাউণ্ডেচন আৰু এ আৰ ৰহমানে এই 100 Global Child Prodigy বঁটাক সমৰ্থন কৰে। কেৱল গানেই নহয়, নৃত্য, ছবি, লেখা, অভিনয়, মডেলিং, উদ্ভাৱন, বিজ্ঞান আৰু ক্ৰীড়া বিভাগতো এই বঁটা দিয়া হয়।











