নিউজ ডেস্কঃ
ভাৰতীয় দলৰ সৈতে অসহযোগিতাৰ ‘খেল’ খেলিছে নেকি ক্রিকেট অষ্ট্ৰেলিয়াই? কোভিড সুৰক্ষাবিধিক লৈ তুমুল বিতৰ্কৰ পিছত ব্রিছবেনত ভাৰতীয় দলক নিম্নমানৰ হোটেল দিয়া হ’ল। চতুর্থ টেষ্ট খেলিবলৈ মঙ্গলবাৰে ব্রিছবেনত ভৰি থয় আজিঙ্ক ৰাহানে বাহিনীয়ে। কিন্তু তাত যি হোটেলত তেওঁলোকক থাকিবলৈ দিয়া হয়, তাত ৰুম ছার্ভিচ বা হাউছকিপিং সুবিধা নাই আৰু ছুইমিং পুল ব্যৱহাৰ নিষিদ্ধ। আনকি হোটেলত যি জিমনেজিয়াম আছে সেয়া একেবাৰে প্রাথমিক পর্যায়ৰ, আন্তর্জাতিক মানৰ ওচৰ-পাজৰেও নহয়।
ৰাহানে বাহিনীৰ অভিযোগ পাই হস্তক্ষেপ কৰে সৌৰভ গাঙ্গুলি, জয় শ্বাহে। ক্রিকেট অষ্ট্ৰেলিয়াৰ সৈতে যোগাযোগ কৰি সোনকালে পৰিস্থিতি শুধৰোৱাৰ চেষ্টা কৰিছে বিচিচিআইয়ে। ভাৰতীয় দলৰ অভিযোগ, এনে নিম্নমানৰ হোটেলত ৰখাৰ প্রতিশ্রুতি দিয়া নাছিল অষ্ট্ৰেলিয়ান ক্রিকেটৰ নিয়ন্ত্ৰক সংস্থাই। আনকি হোটেলত চেক ইন কৰাৰ পূৰ্বেও বাধা-নিষেধৰ কথা একো জনোৱা নাছিল। অৱশ্যে এটাই স্বস্তি যে ক্রিকেটাৰসকলে নিজৰ মাজত মিলামিছা কৰিব পাৰিব।