নিউজ ডেক্স:
‘হাৱা হাৱাই’ গার্লৰ স্থান লোৱাটো প্রায় অসম্ভৱ। কিন্তু তেওঁৰ ৰক্ত বহন কৰিছে জাহ্নবী কাপুৰে! নৃত্যৰ দক্ষতাত যে তেৱোঁ তালিকাৰ শীৰ্ষৰ ফালে, তাৰ প্রমাণ দিলে খোদ শ্রীদেৱীৰ কন্যাই।
মঙ্গলবাৰে নিজৰ ইনস্টাগ্রাম প্রফাইলত এটি পুৰণি নৃত্যৰ ভিডিও পোস্ট কৰে অভিনেত্রী জাহ্নবী কাপুৰে। বেকগ্রাউন্ডত বাজিছে ‘অশোকা’ ছবিৰ বিখ্যাত গান ‘জা ৰে পবন’। গানৰ তালে তালে বেলি নৃত্য কৰিছে তেওঁ। গানৰ সৈতে শৰীৰৰ প্রতিটো অংগৰ ছন্দ একেবাৰে নিখুঁত। তাৰতম্য একো নাই।
তেওঁৰ কঁকাল আৰু পেটৰ নমনীয়তাত মু্গ্ধ নেটিজেনসকল। বগা ৰঙৰ এটি ক্রপ টপৰ সৈতে বগা ৰঙৰ হাৰেম পেন্ট পিন্ধিছে তেওঁ। খোলা চুলিয়েও যেন গানৰ তাল কটা নাই। ভিডিওটোত এতিয়া মুগ্ধ সমগ্ৰ নেট বিশ্ব।











