নিউজ ডেক্স:
আৰু এটি ডাঙৰ প্ৰাপ্তি ভাৰতীয় সেনাৰ। ভাৰতীয় সেনাৰ মেজর অনুপ মিশ্রই বিশ্বৰ প্রথম ইউনিভাৰ্চেল বুলেটপ্রুফ জেকেট নিৰ্মাণ কৰি সমগ্ৰ বিশ্বকে তবধ লগালে।
মেজৰ অনুপ মিশ্ৰই এই বুলেটপ্রুফ জেকেটৰ নাম দিছে ‘শক্তি’। জেকেটটোৰ সকলোতকৈ গুৰুত্বপূর্ণ বিষয় হ’ল, মহিলা আৰু পুৰুষ উভয়েই পিন্ধিব পাৰিব।
এই বিশেষত্বই শক্তিক অন্য বুলেটপ্রুফ জেকেটবোৰতকৈ পৃথক কৰিব। ইয়াৰ লগতে এই জেকেটটো বিশ্বৰ প্রথম ফ্লেক্সিবেল বডি আর্মাৰো।











