নিউজ ডেক্স:
ভাৰতবৰ্ষৰ প্ৰথম স্থানপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় আৰু ইনষ্টিটিউট অৱ এমিনেন্স অ’ পি জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটি চমুকৈ (JGU) য়ে মুকলি কৰিলে তেওঁলোকৰ গ্ৰুপৰ দশমখন বিদ্যালয়- জিন্দাল স্কুল অৱ ছাইক’লজী এণ্ড কাউন্সেলিং । ইয়াৰোপৰি জেজেইউয়ে ২০২১ বৰ্ষৰ নামভৰ্তিৰ বাবে ৭টা নতুন শৈক্ষিক কাৰ্যসূচী মুকলি কৰাৰ কথাও ঘোষণা কৰিছে ।
জেজিইউৰ ১০খন বিদ্যালয়ে আগবঢ়োৱা কাৰ্যসূচীসমূহ হৈছে – মনোবিজ্ঞানৰ স্নাতক (অনাৰ্চ), ফাইনেন্স আৰু এন্ট্ৰাপ্ৰিনিয়ৰশ্বিপৰ স্নাতক (অনাৰ্চ), চাৰুকলাৰ স্নাতক (অনাৰ্চ), বিজনেছ্ এনালিটিকছৰ বিবিএ (অনাৰ্চ), ফেমিলি বিজনেছৰ বিবিএ, ফাইনেন্সিয়েল মাৰ্কেটছৰ বিবিএ আৰু ইয়াৰ লগতে ভাৰতৰ ভিতৰত প্রথমবাৰলৈ ডাটা জাৰ্নেলিজিমৰ পি জি ডিপ্লমাও মুকলি কৰিছে জেজিইউয়ে ।
জিন্দাল স্কুল অৱ আৰ্টছ এণ্ড আৰ্কিটেক্সাৰৰ বি ডিজাইন কাৰ্যসূচীত থাকিব নতুন দুটা পাঠ্যক্ৰম। প্রথমটো ‘আৰ্বান প্লেনিং’ আৰু আনটো হৈছে ‘কমিউনিটি প্লেনিং’। যি পূৰ্বৰ ইন্টেৰিঅ’ৰ ডিজাইনৰ সৈতে সংযোগ কৰা হ’ব।
উল্লেখ যোগ্য যে, শেহতীয়াকৈ শিক্ষা মন্ত্ৰণালয়ে জিন্দাল গ্ল’বেল ইউনিভাৰ্চিটিক আনুষ্ঠানিক ভাৱে ‘ইনষ্টিটিউচন অৱ এমিনেন্স’ৰ মৰ্যাদা প্ৰদান কৰিছিল।











