নিউজ ডেক্স:
ইতিমধ্যে ৰাম মন্দিৰ নির্মাণৰ ভূমি পূজা অনুষ্ঠিত হৈ গৈছে যোৱা বছৰতে। তাৰ পিছৰ পৰা তীব্ৰ গতিত উত্তৰ প্রদেশৰ অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ কাম আৰম্ভ কৰিব বিচাৰিছে চৰকাৰে।
बहुत खुशी की बात है कि अयोध्या में हमारे श्री राम के भव्य मंदिर का निर्माण शुरू हो चूका है…अब योगदान की बारी हमारी है l मैंने शुरुआत कर दी है, उम्मीद है आप भी साथ जुड़ेंगे l जय सियाराम 🙏🏻 pic.twitter.com/5SvzgfBVCf
— Akshay Kumar (@akshaykumar) January 17, 2021
বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ সাহায্য আহিছে। কিন্তু তাৰ পিছতো প্রয়োজন বহু ধনৰ। সেয়ে ইতিমধ্যে প্ৰতিটো পৰিয়ালৰ পৰা বৰঙণি লোৱাৰ সিদ্ধান্ত লৈছে কর্তৃপক্ষই।
ইফালে ৰাম মন্দিৰৰ বাবে নিজে দান দিয়াৰ উপৰি ধন সংগ্রহৰ উদ্যোগ লৈছে অক্ষয় কুমাৰে। নিজৰ ইনস্টাগ্রাম পোষ্টত ৰামায়ণৰ কাহিনী শুনাই সকলোকে উৎসাহিত কৰাৰ চেষ্টা কৰিছে।
লগতে ৰাম মন্দিৰৰ বাবে অনুদান দিয়াৰ আবেদন জনোৱা দেখা গৈছে অক্ষয় কুমাৰক। এই সন্দৰ্ভত নিজৰ ইনস্টাগ্রামত এটি ভিডিও পোষ্ট কৰিছে তেওঁ। তেওঁৰ বিশ্বাস, তেওঁৰ এই কাহিনীয়ে সকলোকে ৰাম মন্দিৰৰ বাবে অনুদান দিবলৈ উৎসাহিত কৰিব বুলি আশাবাদী অক্ষয় কুমাৰ।