নিউজ ডেক্স:
শৃংখলাটি যেন তেওঁৰ বাবে অগ্নিপৰীক্ষা। চলিত শৃংখলাৰ মাজতেই পিতৃক হেৰুৱাইছে তেওঁ। তাৰ মাজতে চিডনি আৰু ব্রিছবেন, দুই স্থানতেই বর্ণবিদ্বেষী মন্তব্য সহ্য কৰিব লগা হৈছেছে।
ফিল্ডিংৰ সময়ত দর্শকৰ পৰা ভাহি অহা উপলুঙা সূচক শব্দই তেওঁৰ আত্মবিশ্বাস ভাঙি পেলোৱাৰ বাবে যথেষ্ট আছিল। কিন্তু অজি দর্শকৰ কার্যসিদ্ধি নহ’ল। তেওঁলোকে মহম্মদ চিৰাজৰ আত্মবিশ্বাস টলাব নোৱাৰে। বৰং চিৰাজক অধিক শক্তিশালী কৰিহে তোলে।
সেই চিৰাজে ব্রিছবেন টেষ্টত অজি বেটিং লাইনৰ কঁকাল ভাঙি দিয়ে অকলেই। বেক আপ বলাৰ হিচাবে তেওঁ টিম ইণ্ডিয়াৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ আহিছিল। কিন্তু কোনে জানিছিল, সেই চিৰাজেই অষ্ট্ৰেলিয়াক এনেদৰে নাকনি–কাননি কৰিব! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাজুৰি যেন চিৰাজ জড়িত হৈ আছে।
তেওঁৰ পিতৃয়ে সপোন দেখিছিল, পুত্ৰই এদিন দেশৰ জাৰ্চিত টেষ্ট খেলিব। পিতৃৰ সপোনক বাস্তব ৰূপ দিছে চিৰাজে। কিন্তু তেওঁৰ এই প্রাপ্তি যেন কিছু ম্লান হৈছে পিতৃৰ মৃত্যুত। সেই চিৰাজে পিতৃৰ কথা মনত কৰি মেচ আৰম্ভণিৰ পূৰ্বে জাতীয় সঙ্গীত শুনি কান্দি পেলাইছিল।
সেই চিৰাজকেই দর্শকৰ কটুক্তি হজম কৰিব লগা হৈছিল। কিন্তু এইবোৰে যেন ভাৰতীয় পেচাৰজনক আৰু শক্তিশালী কৰে। ব্রিছবেনত টেষ্টৰ দ্বিতীয় ইনিংছত পাঁচ উইকেট লাভ কৰে চিৰাজে। মাতৃৰ সৈতে কথা পতাৰ পিছতে যেন তেওঁ পৃথক শক্তি আৰু সাহস অর্জন কৰিব পাৰিছিল বুলি জনায়।
চিৰাজে জনাইছে, মেচৰ পূৰ্বে মাতৃৰ এটা ফোন কলে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰিছিল। পিতৃৰ শেষ যাত্রাত ওচৰত থাকিব পৰা নাছিল চিৰাজ। সেই কষ্ট আৰু আপচোচ হয়তো তেওঁৰ মচ খাইছে। কাৰণ, তেওঁ দেশক গর্বিত কৰিছে। মাতৃও তেওঁক লৈ গর্বিত।