নিউজ ডেস্কঃ
গাব্বাত প্রথমবাৰৰ বাবে টেষ্টত জয়ী হ’ল ভাৰত। ৭খন টেষ্ট খেলাৰ পিছত প্রথম জয়। এখন ড্র। পৰাজিত হৈছে পাঁচখন মেচত। অষ্ট্ৰেলিয়াৰ ৩২৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰি ৩ উইকেটত এই জয়ৰ ফলত বর্ডাৰ–গাভাস্কাৰ ট্রফী থাকিল ভাৰতৰেই দখলত। বিৰাট কোহলিৰ নেতৃত্বত যোৱা বছৰ শৃংখলা দখলৰ ইতিহাসৰ পিছত ৰাহানেৰ নেতৃত্বত এই জয় আন এক ডাঙৰ কীর্তি হৈ থাকিব।
আঘাত জর্জৰিত ভাৰতীয় দলে কোনো মতে প্ৰথম একাদশ ঘোষণা কৰাৰ পিছত ৩২৮ ৰান অুসৰণ কৰাটো এক প্ৰকাৰ সপোনৰ দৰেই আছিল। কিন্তু সেই সপোনৰ দিঠকৰ ভেটি গঢ়ি দলক পথ দেখুৱায় যুৱ অপেনাৰ শুভমান গিলে। শতকৰ ওচৰ চাপিও তাৰ পৰা বঞ্চিত হ’লেও ভাৰতক জয়ৰ পোহৰ দেখুৱাই থৈ যায় গিলে। ইয়াৰ পিছৰ কামখিনি সম্পন্ন কৰে ঋষভ পণ্টে। ৮৯ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতৰ জয় নিশ্চিত কৰিহে তেওঁ উভতে। ইফালে ব্ৰিছবেনৰ গাব্বাত ৩২ বছৰ পিছত পৰাজয়ৰ মুখ দেখিব লগা হ’ল অষ্ট্ৰেলিয়াক। ১৯৮৮ চনত অন্তিমবাৰ ৱেষ্ট ইণ্ডিজৰ হাতত গাব্বাত পৰাজিত হ’বলগা হৈছিল অষ্ট্ৰেলিয়াই।