নিউজ ডেস্কঃ
প্রায় ৩২ বছৰ পিছত ব্রিছবেনত পৰাজিত হ’ল কেংগাৰু বাহিনী, তাকো একেবাৰে অনভিজ্ঞ ভাৰতীয় দলৰ হাতত। এই অনন্য ইতিহাস গঢ়াৰ বাবে দলৰ বাবে মোটা অঙ্কৰ বোনাছ ঘোষণা কৰিলে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে।
বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে টুইটাৰত লিখিছে, “অসাধাৰণ জয়। অষ্ট্ৰেলিয়াত গৈ তেওঁলোকক এনেদৰে পৰাজিত কৰাটো যেন অবিশ্বাস্য। ক্রিকেট ইতিহাসত এই জয় চিৰস্মৰণীয় হৈ থাকিব। টীম ইণ্ডিয়াৰ বাবে বিচিচিআইয়ে ৫ কোটি টকা বোনাছ ঘোষণা কৰিলোঁ। দলৰ প্রত্যেককে অভিনন্দন।”