নিউজ ডেক্স:
আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ শপত গ্ৰহণৰ পিছদিনাই সেই প্ৰভাৱ পৰিল ভাৰতবৰ্ষত । ২১ জানুৱাৰী বৃহস্পতিবাৰে দিনটোৰ আৰম্ভনিতেই শ্বেয়াৰ বজাৰত উত্থান ঘটিল ছেনচেক্সৰ।
মুম্বাই ষ্টক একচেঞ্জত ছেনচেক্স ৩০৪ বৃদ্ধি হোৱাৰ ফলত এই সংখ্যাই ৫০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে । আমেৰিকাতো জ’ বাইডেনৰ শপত গ্ৰহণৰ পিছতেই সমৰ্থক সকল উৎসাহিত হৈ পৰিছে।
মুম্বাই ষ্টক একচেঞ্জৰ সৰ্বকালৰ সৰ্বাধিক ছেনচেক্স এয়া। আনহাতে, এই সংখ্যা ৫০১২৬.৭৩ হোৱাৰ বিপৰীতে নেফটি ১৪৭০০ হ’ল । ইয়াৰ লগে লগে বৃদ্ধি পায় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ শ্বেয়াৰ মূল্যও।
ৰেকৰ্ড সংখ্যক নেফটি আৰু ছেনচেক্স বৃদ্ধিৰ ফলত ভাৰতবৰ্ষত লাভাৱান্বিত হৈছে টাটা মটৰ্চ, বাজাজ ফাইনেন্স , ইউপিএ, এছচিএল টেক আদি কোম্পানী সমূহো। ভাৰতবৰ্ষৰ লগতে এছিয়াৰ আন আন বজাৰ সমূহতো ছেনচেক্স বৃদ্ধিৰ ইতিবাছক প্ৰভাৱ পৰিছে।










