নিউজ ডেক্স:
কেৰালাৰ মলপ্পুৰমত ১৭ বছৰ বয়সীয়া এগৰাকী নাবালিকাৰ সৈতে গণধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, ৪৪ জনে মিলি নাবালিকাগৰাকীক ধর্ষণ কৰে। নির্যাতিতাই জনোৱা মতে, ২০১৬ চনত যেতিয়া তেওঁ ১৩ বছৰৰ আছিল, তেতিয়াই তেওঁক প্রথমবাৰ ধর্ষণ কৰা হয়।
দ্বিতীয়বাৰ আকৌ ধর্ষিতা হোৱাৰ পিছত তেওঁক চাইল্ড কেয়াৰলৈ পঠাই দিয়া হয়। এই ঘটনাত এই পর্যন্ত ২০ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।নির্যাতিতাই কয়, এবছৰ আগতে তেওঁক তেওঁৰ মাতৃৰ আৰু ভাইৰ সৈতে থকাৰ অনুমতি দিয়া হয়। কিন্তু চাইল্ড কেয়াৰ চেণ্টাৰৰ পৰা ওলোৱাৰ পিছতেই পুনৰ ধর্ষণ কৰা হয়।
এই বিষয়ত ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক মহম্মদ হানিফাই কয়, নির্ভয়া চেণ্টাৰত কাউন্সিলিঙৰ সময়ত নাবালিকাগৰাকীয়ে সকলো কথা জনায়। তেওঁ কয়, শিশুটি চাইল্ড কেয়াৰ চেণ্টাৰৰ পৰা যোৱাৰ কেইদিনমান পিছৰ পৰাই নিখোঁজ হৈ যায়।
ইয়াৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহত পলক্কড়ত তেওঁৰ সন্ধান পোৱা যায়। পিছত নির্ভয়া কেন্দ্রত কাউন্সিলিঙৰ সময়ত তেওঁ বিষয়াসকলৰ আগত তেওঁৰ লগত সংঘটিত নৃশংস ঘটনাৰ বিৱৰণ দিয়ে। হানিফাই কয়, নাবালিকাগৰাকীৰ ভাষ্যৰ পিছত আমি প্রায় সকলো কেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছো।










