নিউজ ডেক্স:
ভূটান, মালদ্বীপ, বাংলাদেশ, নেপাল, ম্যানমাৰ আৰু ছেছেলছত ইতিমধ্যে টীকা পঠাব আৰম্ভ কৰিছে ভাৰতে। বিদেশ মন্ত্ৰালয়ে জনোৱা মতে, প্রয়োজনীয়তা বিচাৰ কৰি সঙ্গী দেশবোৰক ক’ৰোনাৰ টীকা সৰবৰাহ কৰা হ’ব।
শ্রীলঙ্কা, আফগানিস্তান আৰু মৰিছাছলৈ টীকা সৰবৰাহৰ অনুমতি পত্ৰৰ অপেক্ষাত আছে ভাৰত। বিদেশ মন্ত্ৰালয়ে জনাইছে, ভাৰতত তৈয়াৰী টীকাৰ বাবে একাধিক প্রতিবেশী আৰু সঙ্গী দেশৰ পৰা অনুৰোধ আহিছে।
কোনবোৰ দেশে ভাৰতৰ পৰা টীকা কিনিব বিচাৰিছে
ব্রিকছ অন্তর্ভুক্ত দেশবোৰৰ ভিতৰত ব্রাজিল আৰু দক্ষিণ আফ্রিকাই ভাৰতৰ পৰা প্রতিষেধক কিনাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ উপৰি জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ফিলিপিন্স, ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু চিঙ্গাপুৰেও ভাৰতত তৈয়াৰী প্রতিষেধক কিনিবলৈ আগ্রহ প্রকাশ কৰিছে।
মানবতাৰ স্বার্থত দেশত তৈয়াৰী টিকা সৰবৰাহৰ ক্ষেত্রত ভাৰত অঙ্গীকাৰবদ্ধ
ক’ৰোনাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই যুঁজিছে। মানৱতাৰ স্বার্থত দেশত তৈয়াৰী টীকা সৰবৰাহৰ ক্ষেত্রত ভাৰত অঙ্গীকাৰবদ্ধ। এই অৱস্থাত প্রতিবেশী দেশৰ পৰা অহা অনুৰোধক সঁহাৰি জনায়ে ভাৰতে বুধবাৰৰ পৰা টীকা ৰপ্তানি আৰম্ভ কৰিছে।










