নিউজ ডেক্স:
দিল্লীত ইজৰাইলৰ দূতাবাসৰ সন্মুখৰ পথত বিস্ফোৰণৰ তদন্ত আগবঢ়াৰ লগে লগেই পোহৰলৈ আহিছে নতুন নতুন গুৰুত্বপূর্ণ তথ্য। বিস্ফোৰণস্থলিৰ ওচৰত পোৱা গৈছে এখন চিঠি আৰু এখন পোৰা স্কার্ফ।
বিস্ফোৰণস্থলী(Israel Embassy blast)ৰপৰা ১২ গজ দূৰত সেই চিঠিৰ খামটো পৰি থকা দেখা যায়। আৰক্ষীয়ে জনোৱা খবৰ অনুসৰি, এই চিঠিখন লেখা হৈছিল ইজৰাইলি ৰাষ্ট্রদূতক উদ্দেশ্য কৰি।
আৰক্ষীয়ে চিঠিখনৰপৰা ফিঙ্গাৰপ্রিন্ট উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। চিঠিত লিখা হৈছে এই বিস্ফোৰণ এক ট্রেইলাৰ মাত্র, আৰু বহুত এতিয়াও বাকী।
বিস্ফোৰণস্থলীত পোৱা চিঠিত ইৰানৰ জেনেৰেল কাছেম ছোলেইমানি আৰু দেশৰ শীর্ষ বিজ্ঞানী মোছেন ফাৰকিজাদেকক শ্বহীদ বুলি উল্লেখ কৰা হৈছে। এই দুজনৰ মাজৰ কাছেম ছোলেইমানিৰ হত্যা হৈছিল বাগদাদ বিমানবন্দৰৰ কাষৰ এক মার্কিন বিমানত।
আনহাতে, যোৱা বছৰ ২৭ নৱেম্বৰত ইৰানৰ উক্ত পৰমাণু বিজ্ঞানীজনক হত্যা কৰা হয় তেহৰানত ৷ দুইটা হত্যাকাণ্ডৰ বাবে মার্কিন যুক্তৰাষ্ট্রক দোষাৰোপ কৰে ইৰানে ।
ইয়াৰোপৰি সেই অঞ্চলটোৰ চিচিটিভি-ৰ ফুটেজৰপৰা পোৱা গৈছে দুজন সন্দেহজনক ব্যক্তিৰ সন্ধান। শুক্রবাৰে বিস্ফোৰণৰ আগত এখন গাড়ীৰপৰা ব্যক্তি দুজন বিস্ফোৰণস্থলীত নমা দেখা গৈছে।
গাড়ীৰপৰা নামি বিস্ফোৰণস্থলীৰ দিশে তেওঁলোকক আগবাঢ়ি যোৱাও দেখা গৈছে ফুটেজত। সূত্রৰ খবৰ অনুসৰি, উক্ত গাড়ীখন চিনাক্ত কৰিব পাৰিছে দিল্লী আৰক্ষীয়ে । গাড়ীখনৰ চালকৰ সৈতে যোগাযাগ কৰি আনি জেৰা কৰি দুই আৰোহীৰ স্কেচ অংকন কৰোৱা হৈছে।
আৰক্ষীৰ বিশেষ সূত্রে জানিব পৰা গৈছে, বিস্ফোৰণত এমনিয়াম নাইট্রেট ব্যৱহাৰৰ প্রমাণ পোৱা গৈছে ৷ বিশেষজ্ঞসকলৰ ধাৰণা, বিস্ফোৰণত আৰডিএক্স(RDX) ব্যৱহাৰ কৰা হ’লে ক্ষয়ক্ষতিৰ পৰিমাণ অধিক বেছি হ’ল হেতেন। শুক্রবাৰৰ বিস্ফোৰণৰ সৈতে ইৰানৰে কোনো সংযোগ আছে নেকি সেই বিষয়ে অনুসন্ধান কৰি থকা হৈছে ।










