নিউজ ডেক্স:
মার্কিন যুক্তৰাষ্ট্রৰ এখন উদ্যানত থকা এটা গান্ধীৰ প্ৰতিমূর্তি ভাঙি মাটিত পেলাই দিয়া হ’ল। ফলত ক্ষোভত হৈ পৰিছে মার্কিন যুক্তৰাষ্ট্ৰৰ প্রবাসী ভাৰতীয়সকল । এই ঘটনাৰ এফবিআই(FBI) তদন্তৰ দাবি কৰিছে তেওঁলোকে ৷
উত্তৰ কেলিফৰ্ণিয়াৰ চিটি অফ্ ডেভিছৰ উদ্যানত বহু দিন আগতেই ভাৰতে উপহাৰ দিয়া ৬ ফুট উচ্চতাৰ আৰু ২৯৪ কেজি ওজনৰ ব্রোঞ্জৰ মহাত্মা গান্ধীৰ এটি মূর্তি স্থাপন কৰা হৈছিল। যদিও এই স্থাপন কাৰ্যৰ বহুলোকে বিৰোধিতাও কৰিছিল ৷
যোৱা ২৭ জানুৱাৰীত উদ্যানৰ গেট খুলি উদ্যানত কৰ্মৰত কর্মীসকলে প্ৰত্যক্ষ কৰে ভাঙি পৰি থকা মূৰ্তিটো ৷ প্ৰকাশিত খবৰ অনুসৰি এই ঘটনাৰ পিছত ক্ষোভিত হৈ পৰিছে প্রবাসী ভাৰতীয়সকল । ঘটনাৰ গুৰুত্বতালৈ লক্ষ্য ৰাখি চহৰৰ মেয়ৰে জনাইছে যে, অতি শীঘ্রেই গান্ধীৰ মূর্তিটো পুনৰ নিৰ্মাণ কৰা হ’ব উক্ত স্থানত ৷










