নিউজ ডেক্স:
কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অলপতে জাৰি কৰা এক জাননী অনুসৰি দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণৰ ঘটনা হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা ১০০ শতাংশ অৰ্থাৎ সম্পূৰ্ণৰূপে খুলিব পাৰিব বোলছবিগৃহ সমূহ।
যোৱা সময়ছোৱাত ক’ভিড-১৯ ৰ বাবে বহুদিন বন্ধ হৈ আছিল ছবিগৃহ সমূহ। বহুকেইখন নতুন ছবি কাম সম্পাদনৰ পিছতো মুক্তি দিব পৰা হোৱা নাছিল। তাৰপিছত ছবিগৃহ সমূহ আংশিক ভাৱে (৫০%) খুলিবলৈ দিয়া হৈছিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ক’ভিডৰ সকলো প্ৰট’কল মানি চলি ৷
পিছে অলপতে গৃহ মন্ত্ৰালয়ে নতুনকৈ জাৰি কৰা জাননীয়ে সকাহ দিছে ছবিগৃহ, পৰিচালক সকলকৰ লগতে দৰ্শককো ৷ উক্ত জাননী অনুসৰি ১ ফেব্ৰুৱাৰীৰ পৰা ছবিগৃহত ১০০ শতাংশ দৰ্শক উপস্থিতিৰ অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে ।
কেন্দ্ৰীয় চৰকাৰে শিথিল কৰি দিছে ক’ভিডৰ সকলো প্ৰট’কল। তদুপৰি ছবি গৃহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক সকলো দৰ্শকৰ বাবে । আনহাতে ছবিগৃহৰ বাহিৰত ৬ ফুট দূৰত্ব মানি চলাৰ লগতে য’তে ত’তে থু-খেকাৰ পেলোৱাও নিষিদ্ধ কৰিছে কেন্দ্ৰীয় চৰকাৰে উক্ত জাননী যোগে।










