নিউজ ডেক্স:
সোমবাৰৰ কেন্দ্ৰীয় বাজেট ঘোষণা কৰাৰ পিছতেই আজিৰ পৰা কলিকতাকে ধৰি দিল্লী, মুম্বাই তথা আন বহুকেইখন ঠাইত কমিল সোণৰ দাম। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনও শুল্ক কৰ্তনৰ ঘোষণা কৰিছিল সোণৰ আমদানিৰ ওপৰত। কলকাতাত ২২ কেৰেট সোণৰ দাম ৪৮,১৬০ টকা আৰু আনহাতে ২৪ কেৰেট সোণৰ দাম ৫২,২৮০ টকা।
ইয়াৰ লগতে, দিল্লীত ২২ কেৰেট সোণৰ দাম ৪৮,১৬০ টকা আৰু ২৪ কেৰেট সোণৰ দাম ৫২,২৮০ টকা। মুম্বাইত সোণৰ দাম ২২ কেৰেটত ৪৮,৪৬০ টকা আৰু ২৪ কেৰেট সোণৰ দাম হ’ল ৪৯,৪৬০ টকা।
চেন্নাইত সোণৰ দাম ২২ কেৰেটত ৪৫,৯৫০ টকা আৰু আনহাতে ২৪ কেৰেটৰ দাম ৫০,৭১০ টকা। সমান্তৰালকৈ, বেংগালুৰুত ২২ কেৰেটৰ সোণৰ দাম ১০ গ্ৰামত ৪৫,৫০০ টকা আৰু ২৪ কেৰেটৰ দাম ৪৯,৬৪০ টকা। দাম কমিছে যথাক্ৰমে ৩১০ আৰু ৩২০ টকা।
১ কিলোগ্ৰাম ৰূপৰ দাম ৭০,৩০০ টকা। হায়দৰাবাদত ২২ কেৰেটৰ সোণৰ দাম ১০ গ্ৰামত ৪৫,৫০০ টকা আৰু ২৪ কেৰেটৰ দাম ৪৯,৬৪০ টকা।
১ কিলোগ্ৰাম ৰূপৰ দাম ৭৯,২০০ টকা আৰু কেৰালাত ২২ কেৰেটৰ সোণৰ দাম ৪৫,৫০০ টকা আৰু ২৪ কেৰেটৰ দাম ৪৯,৬৪০ টকা। ১ কিলোগ্ৰাম ৰূপৰ দাম ৭৩,৩০০ টকা।











