নিউজ ডেক্স:
পুনৰ পাকিস্তানত (Pakistan) ছার্জিকেল ষ্ট্ৰাইক। কিন্তু এইবাৰ ভাৰতে নহয়, পাকিস্তানত ছার্জিকেল ষ্ট্ৰাইক কৰিলে ইৰানে (Iran)। জানিব পৰা অনুসৰি, পাকিস্তানৰ ওপৰত ছার্জিকেল ষ্ট্ৰাইক কৰি ইৰানে তেওঁলোকৰ দুজন সৈনিকক মুক্ত কৰিছে।
মঙ্গলবাৰে মাজ ৰাতি পাকিস্তানত এই ছার্জিকেল ষ্ট্ৰাইক চলাই ইৰানে । ইৰানৰ পৰা অহা খবৰ অনুসৰি, আচম্বিতে হোৱা এই আক্ৰমণত ইৰানৰ সৈনিকসকলে বহু কেইজন উগ্ৰপন্থীক নিঃশেষ কৰিছে। এই আক্ৰমণত পাকিস্তানী সেনাবাহিনীৰ বহু কেইজন বিষয়াৰো মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে।
IRGC বা ইৰান ৰিভলিউচনেৰি গার্ডে এক বিবৃতি যোগে জনাইছে, মঙ্গলবাৰে ৰাতি ছার্জিকেল ষ্ট্ৰাইক (Surgical Strike) কৰি তেওঁলোকৰ দুজন সেনাক পাকিস্তানৰ হাতৰপৰা মুক্ত কৰিছে। দুবছৰৰ আগত পাকিস্তানৰ জেঈছ-আল-অদ্ল (Jeish Al-Adl) নামৰ এক উগ্ৰপন্থী সংগঠনে এই দুই ইৰানি সেনাক অপহৰণ কৰিছিলে । গুপ্তচৰৰ যোগে প্রথমে এই দুই সৈনিকৰ সন্ধান কৰে ইৰানি সেনাই ।
বহু কেইজন সেনা বিষয়াইও এই ছার্জিকেল ষ্ট্ৰাইকত অংশ লৈছিল বুলি প্ৰকাশ কৰিছে ইৰানৰ সংবাদ মাধ্যমে। যদিও পাকিস্তানত ছার্জিকেল ষ্ট্ৰাইক নতুন কথা নহয়। ইয়াৰ আগতেও ভাৰত আৰু আমেৰিকাৰ সেনাই পাকিস্তানৰ মাটিত উগ্ৰপন্থী নিঃশেষ কৰিছে।
২০১৮ চনৰ মাজ ভাগত চিস্তান-বালুচিস্তানৰ মির্জাবেহ সীমান্তৰপৰা ১৪ জন ইৰানি সেনাক অপহৰণ কৰিছিল জেঈছ-আল-অদ্ল সংগঠনৰ উগ্ৰপন্থীয়ে। সেই বছৰৰেই ১৫ নবেম্বৰত পাঁচজন সেনাকর্মীক মুক্তি দিছিল তেওঁলোকে । ২০১৯ চনত আন চাৰিজন সেনাক মুক্ত কৰিছিল উগ্ৰপন্থীয়ে । ইৰানে অভিযোগ কৰিছিল, বহুকেইটা আন্তর্জাতিক গুপ্তচৰ সংস্থাই এই উগ্ৰপন্থী সংগঠনক সহায় কৰিছিল ।











