নিউজ ডেক্স:
কৃষি আইন বাতিলৰ দাবীত ৬ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ সংযুক্ত কিষাণ মৰ্চাই ৰাষ্ট্ৰজোৰা চকা বন্ধৰ আহ্বান কৰিছে ৷ উক্ত চকা বন্ধ সমৰ্থন নকৰে ভাৰতীয় কিষাণ সংঘই।
বৃহস্পতিবাৰে ভাৰতীয় কিষাণ সংঘই এই সন্দৰ্ভত স্পষ্ট কৰি ভাৰতীয় কিষাণ সংঘৰ সাধাৰণ সম্পাদক বদ্ৰীনাৰায়ন চৌধুৰীয়ে কয় যে, ‘‘দিল্লী সীমান্তত চলি থকা বৰ্তমানৰ কৃষকৰ প্ৰতিবাদ সম্পূৰ্ণৰূপে ৰাজনৈতিক বুলি স্পষ্ট হৈ পৰিছে আৰু এই আন্দোলন এতিয়া ৰাজনৈতিক প্ৰ’পাগাণ্ডাত পৰিণত হৈছে ’’।











