নিউজ ডেস্কঃ
ৰবি শাস্ত্রীৰ ক্রিকেটীয় মস্তিষ্কৰ প্রশংসা বাৰম্বাৰ শুনা যায়। তেওঁৰ অভিজ্ঞতাই যে ক্রিকেটীয় বুদ্ধিত ধৰা পৰে, সেয়া কোৱা হয়। কিন্তু এনে অভিজ্ঞতাৰ বয়সকেই গুগলে কিমান কৰিলে জানেনে? শুক্রবাৰে দুপৰীয়া গুগলে জনালে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্রীৰ বয়স ১২০ বছৰ! অৰ্থাৎ গুগলত ৰবি শাস্ত্ৰীৰ বয়স দেখুৱালে ১২০ বছৰ ৷
১৯৬২ চনৰ ২৭ মে’ত মুম্বাইত জন্মগ্রহণ কৰে ৰবি শাস্ত্রীয়ে। ৫৮ পাৰ কৰি ৫৯ বছৰৰ পথত ভাৰতীয় ক্রিকেটৰ অন্যতম সুদর্শন অলৰাউণ্ডাৰজন। কেৱল ক্রিকেটাৰ হিচাবে নহয়, ধাৰাভাষ্যকাৰ হিচাবেও জনপ্রিয় আছিল ৰবি শাস্ত্রী। প্রথমবাৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাবে যোগ দিছিল ২০১৭ চনত। ২০১৯ চনত পুনৰ তেওঁক প্ৰশিক্ষক হিচাবে ঘূৰাই অনা হয় ভাৰতীয় দললৈ।
৮০খন টেষ্ট মেচ খেলি এখন মেচত তেওঁ দেশখ নেতৃত্ব দিছিল। খেলিছিল ১৫০খন এদিনীয়া মেচো। ১৫টা আন্তর্জাতিক শতৰানসহ তেওঁৰ সংগ্রহ ৬,৯৩৮ ৰান আৰু ২৮০টা উইকেট। ক্রিকেটাৰ ৰবি শাস্ত্রী জনপ্রিয় আছিল মহিলাসকলৰ হৃদয়তো। গুগলে তেওঁৰ বয়স বঢ়াই দিলেও আজিও বহু মহিলা অনুৰাগীৰ মনত তেওঁ চিৰতৰুণ হৈয়েই হয়তো থাকি যাব।