নিউজ ডেক্স:
কেন্দ্রীয় চৰকাৰে এইবাৰ দেশৰ নগৰ উন্নয়নৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আগবাঢ়িছে। ফলশ্রুতিত শীঘ্ৰেই দেশত ৮খন নতুন চহৰ গঢ়িবলৈ লৈছে। ১৫সংখ্যক বিত্ত আয়োগৰ প্রস্তাৱ অনুযায়ী এই সিদ্ধান্ত অনুমোদিত হৈছে। দেশত আঠখন নতুন চহৰ গঢ়ি তুলিবলৈ ৮০০০ কোটি টকা মঞ্জুৰ কৰা হৈছে।
আবাসন আৰু নগৰ বিষয়ক মন্ত্ৰালয়ৰ এক উচ্চপদস্থ বিষয়াই সম্প্রতি কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ কথা জনাইছে। প্রতিখন নতুন চহৰৰ উন্নয়ন খণ্ডত ১০০০ কোটি টকা আবণ্টন কৰা হৈছে।
উল্লেখ্য, দেশত বহু বছৰ ধৰি নতুন কোনো চহৰ গঢ়ি উঠা নাই। সেয়ে আবাসন আৰু নগৰ বিষয়ক মন্ত্ৰালয়ে আঠখন নতুন চহৰ গঢ়ি তোলাৰ কথা বিবেচনা কৰিছে। শীঘ্ৰেই এই সংক্রান্তীয় এক বিজ্ঞপ্তি প্রকাশ কৰিব সংশ্লিষ্ট মন্ত্ৰালয়ে।
আবাসান মন্ত্ৰালয়ৰ সচিব দুর্গা শঙ্কৰ মিশ্রই জনোৱা মতে, কেন্দ্রীয় চৰকাৰৰ এই পৰিকল্পনা আৰু তাক ৰূপায়ণৰ বাবে ৬ মাহৰ পৰা এক বছৰ সময় নির্ধাৰণ কৰা হৈছে।
নতুন এই চহৰবোৰত প্রতি বৰ্গকিলোমিটাৰত ৪০০জন মানুহ থাকিব। উক্ত চহৰবোৰত ৭৫ শতাংশ লোক কৃষিকৰ্মৰ সৈতে সংযুক্ত নাথাকিব। অৱশ্যে বিষয়টো এতিয়াও আলোচনাৰ পর্যায়তেই আছে।











