নিউজ ডেক্স:
ৰাষ্ট্ৰসংঘই এছিয়া পৰিৱেশ প্ৰৱৰ্তন বঁটা প্ৰদান কৰিছে আঠগড়ৰ বিভাগীয় বন বিষয়া (ডিএফঅ) সুস্মিতা লংকাক । এই পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয় সুস্মিতা লংকা।
তেখেত বৰ্তমান ভূৱনেশ্বৰ জিলাৰ মুখ্য কাৰ্যালয়ত বন উপ সংৰক্ষক হিচাপে কৰ্মৰত হৈ আছে ৷ তেখেতে ৰাজ্যখনৰ পৰা বনৰৌ সৰবৰাহকাৰী দলক আটক কৰিবলৈ সক্ষম হোৱাৰ বাবে এই ‘জেণ্ডাৰ লিডাৰশ্বিপ এণ্ড ইমপেক্ট’ বঁটা প্ৰদান কৰা হৈছে ।
উল্লেখ যোগ্য যে, তেখেতে আঠগড় আৰু খুনপুনিৰপৰা বনৰৌ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখন বন্ধ কৰাৰ বাবেও বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।











