নিউজ ডেক্স:
ঘোষণা কৰা হ’ল ফাষ্টটেগ লগোৱাৰ শেষ সময়সীমা ৷ ফাষ্ট টেগ লগোৱাৰ বাবে অন্তিম দিন ধাৰ্য কৰা হৈছে ১৫ ফেব্ৰুৱাৰী। ফাষ্টটেগ নলগোৱা গাড়ী সমূহে ১৫ ফেব্ৰুৱাৰীৰ পিছত ভৰিব লাগিব জৰিমনা।
ফাষ্ট টেগ নলগোৱা বাহন সমূহে ১৫ ফেব্ৰুৱাৰীৰ পিছত টোল প্লাজাত নগদ ধনৰ লেনদেন কৰিব নোৱাৰিব । জাননী অনুসৰি, ১৫ ফেব্ৰুৱাৰীৰ পিছত ফাষ্টটেগ যোগে ধন সংগ্ৰহ কৰা হ’ব ।
উল্লেখ যোগ্য যে, এই ফাষ্ট টেগ ক্ৰয়ৰ বাবে মুকলি কৰা হৈছে টোল প্লাজা সমূহ। তাৰোপৰি বেংকৰ পৰাও গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ফাষ্টটেগ । পেটিএম বা এমাজনেও ৰাখিছে ফাষ্টটেগ ক্ৰয়ৰ সুবিধা ।










