নিউজ ডেক্স:
এটাই ফোনকল, আৰু সেই কলেই বন্ধী হৈ থকা ১২ শ্রমিকৰ জীৱন বচাই দিলে। সাক্ষাৎ মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিব পাৰিলে। এক সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত এনেদৰে জনালে উত্তৰাখণ্ডৰ দুৰ্যোগৰ চিকাৰ নির্মীয়মাণ বিদ্যুৎ প্রকল্পৰ এজন কর্মচাৰী ৰাকেশ ভট্টই।
যোশীমঠৰ বাবা বদ্রিনাথৰ বিশাল মন্দিৰৰ কাষতেই তেওঁৰ ঘৰ। তেওঁ আৰু ১১ জন কর্মচাৰীয়ে তপোবন বিদ্যুৎ প্রকল্পৰ বাবে নিৰ্মিত এটি সুৰঙ্গত কাম কৰিছিল দেওবাৰে। ৰাকেশে জনায়, পুৱা তেতিয়া ১০টা। হঠাৎ চিঞৰ-বাখৰৰ শব্দ শুনিবলৈ পায় কর্মচাৰীসকলে। তেওঁলোকক সুৰঙ্গৰ পৰা সোনকালে ওলাই অহাৰ কথা কোৱা হৈছিল।
ৰাকেশে কয়, “বিষয়টি ভালদৰে বুজি উঠাৰ আগতেই হুৰমুৰাই সুৰঙ্গত পানী, বোকা, ডাঙৰ ডাঙৰ শিল সোমাবলৈ আৰম্ভ কৰে। একেবাৰে যেন আমাৰ ওপৰতহে আহি পৰিছিল। তাৰ লগে লগে পানীৰ উচ্চতাও বাঢ়িবলৈ আৰম্ভ কৰিছিল।” সন্মুখতে এখন জেচিবি আছিল। পানী বাঢ়ি থকাত সকলোৱেই জেচিবিৰ ওপৰত উঠে। সুৰঙ্গৰ ছাদৰ সৈতে লাগি থকা লোহাৰ ৰডত ধৰি এজন এজনকৈ ওলমি পৰে কর্মচাৰীসকল।
ৰাকেশে কয়, “মুহূর্ততে চাৰিওফালে অন্ধকাৰ নামি আহিছিল। আমি কোনেও কাকো দেখা পোৱা নাছিলো। কেৱল চিঞৰি বুজাৰ চেষ্টা কৰিছিলো সকলোৱেই ঠিকে আছোনে নাই।” হঠাৎ তেওঁলোকৰ মাজত এজনে পকেট ৰখা মোবাইলটোৰ কোনো প্ৰকাৰে বিচাৰি পাইছিল। সেইটোৱেই যেন তেওঁলোকৰ বাবে হৈ পৰিছিল জীৱন-মৃত্যুৰ মাজৰ সীমা৷
তেওঁ আৰু কয়, “সেই ফোনত নেটৱর্ক থকাত আমাৰ বাচি থকাৰ শক্তিক বহু গুণে বৃদ্ধি কৰিছিল। লগে লগে জেনেৰেল মেনেজাৰক ফোন কৰা হয়। আমাৰ অৱস্থাৰ কথা তেওঁক জনোৱা হয়। প্রার্থনা কৰিছিলো আমাক যেন উদ্ধাৰ কৰা হয়।”
তেওঁ কয়, “পুৱা ১০টাৰ পৰা বিয়লি ৫টা পর্যন্ত প্রায় সাত ঘণ্টা এনেদৰে ৰডত ধৰি ওলমি আছিলো। সকলোৰেই একেই অৱস্থা। কিন্তু কোনোৱে জীয়াই থকাৰ যুঁজ এৰি দিয়া নাছিল।”
আনহাতে, জেনেৰেল মেনেজাৰে ফোন পোৱাৰ লগে লগে স্থানীয় প্রশাসনৰ সৈতে যোগাযোগ কৰে। তেওঁলোকে উদ্ধাৰকাৰীক খবৰ দিয়ে। আইটিবিপিৰ জোৱানসকলে বহু চেষ্টাৰ মূৰত সুৰঙ্গত প্ৰৱেশ কৰিব পাৰিছিল৷ তেওঁলোকে এজন এজনকৈ ১২ জনকেই জীৱিত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হস্পিটেললৈ প্ৰেৰণ কৰে।










