নিউজ ডেস্কঃ
প্রথম মেচত পৰাজয়ৰ পোতক তুলি চেন্নাইতে ইংলেণ্ডৰ বিৰুদ্ধে ৩১৭ ৰানত বিজয় সাব্যস্ত কৰিলে ভাৰতে। মেচৰ শ্ৰেষ্ঠ হিচাপে নিশ্চিতভাৱেই বিবেচিত হ’ল আৰ অশ্বিন।
চিপকত দ্বিতীয় টেষ্টত শনিবাৰে টছত জয়ী হৈ বেট ধৰাৰ সিদ্ধান্ত লৈছিল কোহলিয়ে। ৰোহিত শৰ্মাৰ সৰ্বাধিক ১৬১ ৰানৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত ৩২৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত মাত্ৰ ১৩৪ ৰানতেই থমকি ৰয় ইংলেণ্ডৰ প্রথম ইনিংছ। ১৯৫ ৰানৰ অগ্ৰগতি লাভ কৰে ভাৰতে। ৫ উইকেট দখল কৰা অশ্বিনে।
দ্বিতীয় ইনিংছত বেট ধৰিবলৈ নামি শতক অৰ্জন কৰে অশ্বিনে। অশ্বিনে একেখন মেচত ৫ উইকেট আৰু শতৰান কৰে তৃতীয়বাৰৰ বাবে। দ্বিতীয় ইন্ংছৰ শেষত ইংলেণ্ডৰ সন্মুখত ৪৮২ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে কোহলি বাহিনীয়ে। প্রায় আঢ়ৈটা দিন হাতত থকা অৱস্থাতো চিপকৰ পিটচত বেট ধৰাটো সহজ নাছিল ইংলেণ্ডৰ পক্ষে। ফলত মঙলবাৰে ১৬৪ ৰানতেই শেষ হয় ইংলেণ্ডৰ ইনিংছ। অভিষেক মেচতেই অক্ষৰ পেটেলৰ ৫ উইকেটৰ বিনিময়ত ভাৰতে ৩১৭ ৰানত বিজয় সাব্যস্ত কৰি শৃংখলা ১-১ কৰে।