নিউজ ডেস্কঃ
তেওঁৰ কিমানজন সন্তান? নাজানে পেলেই! ৮০ বছৰত ভৰি দি এই বিস্ফোৰক দাবী কৰিলে পেলেই নিজে। সম্প্রতি কিংবদন্তী তাৰকাগৰাকীৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ হৈছে। তাতেই পেলে সম্পর্কে একাধিক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। যাৰ ভিতৰত অন্যতম, নিজৰ সন্তানৰ সংখ্যাক লৈ পেলেৰ মন্তব্য।
ব্রাজিলৰ প্রাক্তন ফুটবল কিংবদন্তিজনৰ মতে, তেওঁৰ ৩গৰাকী পত্নী। তিনিবাৰ বিয়াৰ পিছতো একাধিক সম্পর্কত জড়িত হৈছে তেওঁ। যিসকলৰ সৈতে বিবাহবহির্ভূত সম্পর্কত জড়িত হৈছে, সেই বান্ধবীসকলৰ বহুতৰ গর্ভতেই তেওঁৰ সন্তান আহে। যিটো প্রথমে জানিব পৰা নাছিল তেওঁ। পৰবর্তীকালত সেই সন্তানসকলৰ কথা তেওঁ জানিছে। কিন্তু বিয়াৰ বাহিৰে একাধিক সম্পর্কত জড়িত হোৱাত কিমানজন সন্তান তেওঁৰ আছে, সেই সংখ্যাটো তেওঁৰ স্পষ্ট নহয় বুলি মানি লৈছে পেলেই। প্রসঙ্গত উল্লেখ্য, প্রথম দুই পক্ষৰ পত্নীৰ গর্ভত তেওঁৰ ৭ সন্তানৰ জন্ম হৈছে।
১৯৬৬ চনত ৰ’জমেৰিৰ সৈতে প্রথমবাৰ বিয়াত বহে পেলে। ১৯৯৪ চনত আজিৰিয়াৰ সৈতে পেলেই দ্বিতীয়বাৰ বিয়াত বহে। ২০০৮ চনত আজিৰিয়াৰ সৈতে বিচ্ছেদৰ পিছত ২০১৬ চনত মার্সিয়া আওকিৰ সৈতে বিবাহ বান্ধোনত সোমায় পেলে। ৭৫ত উপনীত হৈ ৫০ বছৰীয়া মার্সিয়াৰ সৈতে তৃতীয়বাৰ বিয়াত বহে ফুটবল তাৰকাজন।