![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাইজৰ দলৰ মুখ্য উপদেষ্টা পদৰ পদত্যাগ ডঃ হীৰেণ গোহাঁই। অখিল গগৈ বিশেষ পত্ৰক লৈ অসন্তুষ্ট হৈ পদত্যাগ কৰা কথা ঘোষণা বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে।
অখিলৰ শেহতীয়া চিঠিখনে দাঙি ধৰা ৰাজনৈতিক প্ৰস্তাৱ বিবেচনা মোৰ ধাৰণাত ভ্ৰান্ত আৰু অবাস্তৱ বুলি উল্লেখ কৰে গোহাঁইয়ে। তেওঁ লগতে কয় সংবিধান বিৰোধী-সাম্প্ৰদায়িক বিজেপিক পৰাস্ত কৰা বাবে সকলো গণতান্ত্ৰিক ৰাজনৈতিক দল ঐক্যবদ্ধ হ’ব লাগে। ইয়াত ভোট ভাগ হ’বলৈ হ’লে বিজেপিৰ লাভ হ’ব। ৰাইজে বিজেপি প্ৰলোভনত নপৰি বাস্তৱ দৃষ্টিৰে ভৱিষ্যতলৈ চাওঁক। বিজেপিক পৰাস্ত কৰা ৰাজনীতিত যোগ হওঁক।
গগৈয়ে এআইইউদিএফক বাদ দি বিৰোধীক ঐক্যবদ্ধ হ’ব লাগে বুলি চিঠিত জনোৱা আহ্বান বাবে মুখ্য উপদেষ্টাগৰাকীয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে। অসমৰ যি জন গাঁথনি তাত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এক হ’লেও এটা সংখ্যাগৰিষ্ঠতা অর্জন কৰা কঠিন হ’ব। ভাগ্য ভাল থাকিলে কেইখন মান আসন পাব কিন্তু তাৰ দ্বাৰা চৰকাৰ গঠন কৰিব নোৱাৰে।
এআইইউদিএফত কৈ বিজেপি বেছি শত্ৰু বুলিও গোহাঁই লগতে কয়।













