![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
বহিঃৰাজ্যত কৰ্মসস্থাপন বিচাৰি গৈ নিখুঁজ হোৱাতো এইটোৱেই প্ৰথম খবৰ নহয়; বহু এনেকুৱা খবৰ পোৱা যায় ৷ কিন্তু এজনী কনমানিৰ হিয়া ভগা কান্দোনে আপোনাৰো চকু সেমেকাই তুলিব ৷ নিজ পিতৃৰ ফটো চাই চাই কনমানিজনী কাতৰ আহ্বান দেউতা তুমি ঘৰলৈ ঘূৰি আহাঁ ৷ এই ঘটনা হোজাই জিলাৰ লংকাৰ বৰজাৰণী গাৱঁৰ ৷ প্ৰায় ১৮ মাহ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ৷
ইয়াৰ পূৰ্বেও কেইবাৰো একে গাৱঁৰে যুৱকৰ লগত গৈ কাম কৰি নিজৰ পৰিয়ালটো ভালদৰে পোহপাল দি আহিছে ৷ অভাৱৰ তাড়নাত লগডাউনৰ আগতে অকলেই লামডিংৰ পৰা যাত্ৰা আৰম্ভ কৰে কেৰেলালৈ বুলি ৷ সেই যাত্ৰাৰ পিছৰে পৰা প্ৰিয়েশ ঘোষ নামৰ ৪২ বছৰীয়া তিনিটা সন্তানৰ লোকজন সন্ধানহীন হৈ আছে ৷
এদিন দুদিন কৈ বাট চাই ৰোৱা পৰিয়ালটোৰ লোকে বহু বিচাৰ-খোচাৰ কৰি প্ৰিয়েশ ঘোষৰ কোনো সন্ধান লাভ নকৰাত সংবাদ মাধ্যমৰ কাষ চাপে আৰু স্থানীয় আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে৷ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জড়িয়তে এটা দূৰভাস নম্বৰ দিয়ে কোনো লোকে লোকজনৰ সন্ধান লাভ কৰিলে ৮৬৩৮৩৯৬২২৮ এই নম্বৰ যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনায়৷












