![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিজেপিক পৰাস্ত স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে সাজু ৰাইজৰ দল। প্ৰথম-দ্বিতীয় পৰ্যায়ৰ নির্বাচনৰ ৮৬টা সমষ্টিৰ মাত্ৰ ১৮টা সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী। সংবাদমেলত ৰাইজৰ দল মুখ্য কাৰ্যালয়ত এই কথা ঘোষণা কাৰ্যকৰী সভাপতি ভাস্ক-ডি শইকীয়া।
দলৰ সাংগঠিনক ভেঁটি শক্তিশালী থকা স্বত্বেও প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ১০টাত প্ৰাৰ্থী প্ৰদান কৰিব ৰাইজৰ দলে। দ্বিতীয় পৰ্যায়ত ৮টা সমষ্টিত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে।
সংবাদমেলত শইকীয়াই উল্লেখ কৰা অনুসৰি প্ৰতিদ্বন্দ্বিতা কৰা ১৮টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত। বাকী সমষ্টিসমূহত বিজেপি সমৰ্থিতত প্ৰাৰ্থীক পৰাস্ত কৰা বাবে সকলো প্ৰকাৰ সহায় কৰিব দলটোৱে- শইকীয়াই লগতে কয়।
গুৰুত্বপূৰ্ণ কথা আজি বিয়লি কোন কোন সমষ্টিত দলটোৱে প্ৰাৰ্থী থিয় কৰাব তাৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। সংবাদমেলত এই কথাও ঘোষণা কৰে দলটোৰ নেতৃত্বই।
এজেপি সৈতে মিত্ৰতাত ব্যৱধান আহিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত ৰাইজৰ দল সভাপতি গৰাকীয়ে কয়- ‘আমি মিত্ৰতা ধৰ্ম পালন কৰি আছো। ব্যৱধান অহা নাই। সকলো সিদ্ধান্ত আলোচনা মৰ্মে গ্ৰহণ কৰা হৈছে। ঐক্যবদ্ধ হৈয়ে আমি যুজঁ আগবঢ়াম’।













