![]()
অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ, আধুনিক চিন্তাৰ অন্যতম পথিকৃত, বিশিষ্ট সংগঠক প্ৰয়াত টংকেশ্বৰ হাজৰিকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষ্যে ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভাৰ সৌজন্যত আৰু পৰিয়ালৰ সহযোগত ৬ মাৰ্চত স্মৃতিচাৰণ সভা অনুষ্ঠিত যায়।
এই উদ্দেশ্যে সভাৰ আৰম্ভণিতে স্মৃতি তৰ্পণ কৰে অংকুৰণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জীৱন শইকীয়াই। প্ৰয়াত হাজৰিকাৰ নিজা বাসভৱনত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে অংকুৰণ শাখা সাহিত্য সভাৰ সহ সম্পাদক জয়ন্ত বৰা আৰু শিক্ষক, বিশিষ্ট নাট্যকৰ্মী তথা অংকুৰণ শাখা সাহিত্য সভাৰ সম্পাদক মানসজ্যোতি দত্তই। সভাৰ সভাপতিত্ব কৰে অংকুৰণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰহ্লাদ দাসে। সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰে বিশিষ্ট সংগীত শিল্পী, নাট্যকৰ্মী ৰুণজুণ শইকীয়া দত্তই।

সভা উদ্বোধন কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনন্দ চন্দ্ৰ বৰুৱাই। সভাত ৰজাবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তোষেশ্বৰ বৰা, বিশিষ্ট সমাজকৰ্মী বলো বৰা, জ্যেষ্ঠ সাংবাদিক তথা নেমালীখুটি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুবুল দত্তৰ লগতে বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰেজিৎ বাবাজী, অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ শইকীয়া আৰু প্ৰয়াত হাজৰিকাৰ পত্নী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, বিশিষ্ট সমাজকৰ্মী পুতলী হাজৰিকাই বক্তব্য ৰাখে।
বিগত ২০২০ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত বৃহত্তৰ বোকাখাত অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সংগঠক, বহুকেইখন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ অন্যতম প্ৰতিষ্ঠাপক, সমাজ হিতৈষী টংকেশ্বৰ হাজৰিকাৰ ৯৪ বছৰ বয়সত ৰজাবাৰী খতিয়াখলিৰ নিজা বাসভৱনত দেহাৱসান ঘটে।
অনুষ্ঠানত প্ৰয়াত হাজৰিকাৰ পৰিয়াল স্বজন, গুণমুগ্ধ আৰু বহু সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাতে অংকুৰণ শাখা সাহিত্য সভাই অনাগত দিনত প্ৰয়াত টংকেশ্বৰ হাজৰিকাৰ সোঁৱৰণত অসম ভিত্তিত এটি বঁটা প্ৰদান, মৰণোত্তৰভাৱে প্ৰয়াত হাজৰিকালৈ এটি বিশিষ্ট উপাধি প্ৰদান আৰু প্ৰয়াত হাজৰিকাৰ এটি প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।সম্পাদক মানসজ্যোতি দত্তই সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায়।













