![]()
নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিত বিজেপি দলৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি বিমুখ হোৱা নগাঁও সংসদীয় সমষ্টিৰ চাৰিটা কাৰ্যকালৰ সাংসদ তথা প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে দলৰ নেতৃত্বৰ বিৰুদ্ধে আজি ক্ষোভৰ বহি: প্ৰকাশ ঘটায়। নগাঁও জিলাৰ লগতে সমগ্র অসমত বিজেপি দলৰ স্হিতি সবল কৰাত জীৱনৰ মূল্যৱান সময় উৎসৰ্গিত কৰা বুলি দাবী কৰি আজি নগাঁৱত প্ৰাক্তন ৰে’লৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে মনৰ ক্ষোভ উজাৰি কয় : মোক দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ আঁৰত কিবা ষড়যন্ত্ৰ থকা সন্দৰ্ভত মই একো নকওঁ । মই দলৰ এজন জ্যেষ্ঠ আৰু নিষ্ঠাবান কৰ্মী । দলক সম্পূৰ্ণ শূন্য আৰু অস্তিত্বহীন অৱস্থাৰ পৰা মই ৰাইজৰ মাজত দলটোক জনপ্ৰিয় কৰি কৰি তোলাৰ বাবে মোৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি খৰচ কৰিছো। যি সময়ত মই মোৰ ল’ৰা-ছোৱালীক সময় দিৱ লাগিছিল সেই সময়খিনিত মই মোৰ সন্তানক বঞ্চিত কৰি মোৰ উপাৰ্জনৰ ধনৰাশি দলৰ কামত খৰচ কৰি দলটোক আগবঢ়াই লৈ গৈছিলো। দলেও মোক প্ৰথমে বিধানসভা আৰু পাছত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও মই দুয়োটা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিলো। পাছত অৱশ্যে দলে মোক নগাঁও লোকসভা সমষ্টিৰ সাংসদ হিচাপে কুৰি বছৰ ৰাইজৰ সেৱা কৰাৰ সুযোগ দিলে।
কিন্তু বিগত লোকসভা নিৰ্বাচনত লোকসভা নিৰ্বাচনত দলে মোক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বঞ্চিত কৰিলে। তেতিয়া মই মনত যথেষ্ট আঘাত পাইছিলো।
ইপিনে সমাগত বিধানসভা নির্বাচনত বঢ়মপুৰ সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা প্ৰাক্তন ৰে’লৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক দলীয় নেতৃত্বই প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আশ্বাস প্রদান কৰাৰ পাছতো মুৰকত তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাত হতাশাত ভাগি পৰি গোহাঁয়ে কয় : মই অন্তিম বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক বিষয়টো জনাইছিলো। তেওঁলোকে মোক সঁহাৰিও জনাইছিল। আনকি এইবাৰৰ পাছত মই সক্রিয় ৰাজনীতিৰ পৰা আতৰি আহিম বুলিও জনাইছিলো। তাৰ পাছতো মোক বঞ্চিত কৰাত মই বৰ আঘাত পাইছো।
আনহাতে, এতিয়া মোৰ জীৱনৰ শেষ সময় বুলি উল্লেখ কৰি গোঁহায়ে আৰু কয় : যিটো দল মই নিজ হাতেৰে সৃষ্টি কৰিছিলোঁ, সেই দলে আজি মোক প্ৰতাৰণা কৰিলে। মই বহুত ত্যাগ কৰি দলটোক ধৰি ৰাখিছিলো। তাৰ পিছতো মোক বঞ্চিত কৰাটো উচিত হোৱা নাই। দলে মোক এতিয়া নূন্যতম সন্মান দি অৱসৰ দিয়া হ’লে মই মনত আনন্দ পালোহেঁতেন। কিন্তু এতিয়া মোক দলত এলাগী কৰিছেনে খেদি দিছে একো গম নেপালো। হয়তো দলত আমাৰ প্ৰয়োজন নোহোৱা হৈ গৈছে। আমাক ঠেলিয়াই গতিয়াই খেদি দিয়াৰ দৰে হৈছে।
ইপিনে আন কোনো ৰাজনৈতিক দলত যোগদান কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজেন গোঁহায়ে কয় : বিজেপি দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা মই ভাবিব নোৱাৰো। মোৰ আৰু এতিয়া বিচাৰিবলৈ একো নাই। মই জীৱনৰ শেষ মুহূর্তলৈকৈ বিজেপি দলৰ পতাকাখন বুকুত সাৱতি মৃত্যুবৰণ কৰিব বিচাৰো।
আনহাতে, দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত গোহাঁয়ে কয় : নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা মই এতিয়াও ভবা নাই । মই মানসিক অস্হিৰতাত ভুগি আছো। সেয়ে হয়তো মই কৰবাত ফুৰিবলৈ যাম।













