![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ পৰা অসমবাসীলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ অখিল গগৈৰ। ৰাইজৰ দলৰ কাৰাবন্দী সভাপতিগৰাকীয়ে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধীক কৌশলগত মিত্ৰতা কৰাৰ এতিয়াও সময় থকা বুলি উল্লেখ কৰে।
বিজেপিক পৰাস্ত বাবে অসমবাসী সাজু হ’বলৈ আহ্বান জনায় গগৈয়ে কয়- “দেশ বিক্রী কৰা বিজেপিক শিক্ষা দিয়ক। ভোট দিয়া সময়ত প্ৰতিজন কা’ আন্দোলনৰ ৫জন শ্বহীদলৈ মনত পেলাওঁক”।
“মোক কোনোৱে মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ কৰিছে। মুছলমান বিৰোধী মই নহয়। সাম্প্ৰদায়িকতাবাদৰ মই বিৰোধী” – গগৈয়ে পত্ৰত উল্লেখ কৰে।
বিৰোধিয়ে জধে-মধে প্ৰাৰ্থীত্ব দি বিহাৰৰ নিৰ্বাচনৰ পুনৰাবৃত্তি নকৰিব। বিজেপিক জিকাত কোনেও সহায় নকৰিব বুলিও বিশেষ চিঠিখনত উল্লেখ কৰিছে গগৈয়ে।
উল্লেখ, শিৱসাগৰ আৰু মৰিয়নি পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কাৰাৰুদ্ধ নেতাগৰাকীয়ে।
বিগত ১৫ মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ হৈ সমৰ্থকসকলে আজি দুয়োটা সমষ্টিতে মনোনয়ন পত্ৰ দাখিল কৰে। সমৰ্থকে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গগৈয়ে সন্মতি প্ৰদান কৰে।













