ছাইদুল ইছলাম
ডিফু : ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন আছাম পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে শুক্ৰবাৰে জিলাখনৰ সাত গাঁৱত এখন সংবাদ মেল সম্বোধন কৰে ৷ সাত গাঁওস্থিত গড়কাপ্তানি বিভাগৰ বাংলোত আয়োজিত সংবাদ মেলত চলিত মাহৰ ৭ এপ্ৰিলৰ নিশা ৯ মান বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই সংগঠনটোৰ বঙাইগাওঁস্থিত মিচন ৰ’ড ৱাৰ্ড নং-৯ৰ বাসীন্দা তথা ইউনাইটেড ট্ৰাইবেল অৰ্গানাইজেশ্যন আসামৰ ৰাজ্যিক সভাপতি মাৰ্কুছ বসুমতাৰীৰ বাসগৃহত প্ৰৱেশ কৰি পিষ্টল দেখোৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰিছিল ৷
ইয়াৰে পিচদিনাই সভাপতিগৰাকীয়ে ঘটনাটোৰ সন্দৰ্ভত বঙাইগাঁও আৰক্ষী থানাত এখন লেখ এজেহাৰ দাখিল কৰে৷ কিন্তু আজি পৰ্যন্ত অচিনাকি পিষ্টলধাৰীক আৰক্ষীয়ে আটক কৰিব পৰা নাই ৷ ইপিনে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অতি শীঘ্ৰে সভাপতিগৰাকীৰ লেখ এজেহাৰৰ ভীতিত ঘটনাৰ সৈতে জড়িত ব্যক্তিক চিনাক্ত কৰি আটক কৰাৰ লগতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে এক সংবাদমেল যোগে দাবী উত্থাপন কৰে ৷