ষ্টাফ ৰিপ’ৰ্টাৰ
বকলীয়াঘাট : যোৱা ৮ মাৰ্চৰ নিশা কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰু ডিলাই থানাৰ আৰক্ষীয়ে অভিযান চলাই মাঞ্জাৰ হোজাইনালাত এখন পৰিত্যক্ত বিলাসী বাহনৰ পৰা ৭০ লাখ টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উক্ত ঘটনাৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত ভেদুৱাটি তিনি নং ৱাৰ্ডৰ জাইৰুল হক (২৮) বুলি চিনাক্ত কৰা হৈছে। দুদিন পূৰ্বে অভিযুক্ত জাইৰুলে পত্নীসহ ডবকাৰ পৰা ডিমাপুৰ অভিমূখে গৈ থকা অৱস্থাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জাইৰুলক জালত পেলাবলৈ সক্ষম হয় ।
স্মৰ্তব্য যে, যোৱা ৮ মাৰ্চৰ নিশা এখন ইক’ ফ’ৰ্ড বাহনত বুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অনুসৰণ কৰাৰ কথা জানিব পাৰি ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে বাহনখন পথৰ ওপৰতে ৰাখি সৰবৰাহকাৰী দলটো পলায়ন কৰে। ইয়াৰ পিছত আৰক্ষীয়ে তালাচী চলাই বাহনখনৰ পৰা প্ৰায় ৭০ লাখ টকাৰ ব্ৰাউন ছুগাৰ জব্দ কৰিছিল । উক্ত ঘটনাৰ প্ৰায় এমাহ পিছত আৰক্ষীয়ে উক্ত ঘটনাৰ মূল অভিযুক্তক জালত পেলাবলৈ সক্ষম হয়। ধৃত জাইৰুলক আজি আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ কাৰ্বি আংলং জিলা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতে ড্ৰাগছ সৰবৰাহকাৰীয়ে একাংশ বিলাসী বাহনতো নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।