ছাইদুল ইছলাম
ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানাৰ অন্তৰ্গত খান্দাজানত আজি পুৱাৰ ভাগত এডাল গছত ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ অনুসৰি, আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে খান্দাজানৰ পথাৰৰ মাজত থকা এডাল গছত চিপ লৈ ওলমি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহটো মৰিগাঁও জিলাৰ চৰাইবাহেৰ নীলকান্ত বৰদলৈৰ বুলি পিছত চিনাক্ত কৰা হয়। জানিব পৰা মতে অন্নপূৰ্ণা মাইক্ৰ’ ফাইনেঞ্চ শীৰ্ষক প্ৰতিষ্ঠানটোৰ এজেণ্ট হিচাপে কৰ্মৰত যুৱকজনে প্ৰতিষ্ঠানটোৰ হৈ এলেকাটোত ধন সংগ্ৰহৰ দায়িত্বত আছিল। সেই অনুসৰি, কালি যুৱকজনে প্ৰতিষ্ঠানটোৰ বাবে ধন সংগ্ৰহ কৰি হোজাই জিলাৰ লংকাস্থিত কাৰ্যালয়ত জমা দি বিয়লি ওভতি অহাৰ পিছৰে পৰা যুৱকজন সন্ধানহীন হৈ পৰে।
অৱশেষত আজি পুৱাৰ ভাগত যুৱকজনৰ মৃতদেহটো গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে। খেৰণি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।