ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ইয়াৰোপৰি বোকাজান আদালততো লোক আদালত অনুষ্ঠিত হৈ যায় ৷ অপৰাধমূলক, দেৱানী, মটৰ দুৰ্ঘটনা জনিত গোছৰৰ লগতে এপিডিচিএল, অসম গ্ৰামীণ বিকাশ বেঙ্ক (১০)টা শাখা আৰু বকলীয়াঘাট শাখাৰ চেণ্ট্ৰেল বেঙ্ক ইণ্ডিয়া, ডিফু শাখাৰ ইউকো বেঙ্ক অফ ইণ্ডিয়া, বেঙ্ক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেছনেল বেঙ্ক আৰু নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্ক ডিফু শাখাৰ পূৰ্বৰ ঋণ সম্পৰ্কীয় গোছৰসমূহ আজিৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় বুলি ডিএলএছএৰ সচিব নাগিব আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷
আজিৰ লোক আদালতত মুঠ ২৮টা গোছৰ নিষ্পত্তি কৰা হয় ৷ ইয়াৰে ৫টা মটৰ দুৰ্ঘটনা জনিত গোছৰ, বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণজনিত ১১টা গোছৰ আৰু আদালতৰ ১২টা গোছৰ নিষ্পত্তি কৰা হয় বুলি সচিবগৰাকীয়ে জানিবলৈ দিয়ে ৷
ইয়াৰোপৰি বোকাজানৰ পূৰ্বৰ মামলাসমূহলৈ মুঠ ৪১৫টা গোছৰ নিষ্পত্তিৰ বাবে ৰাষ্ট্ৰীয় লোক আদালতত গ্ৰহণ কৰা হয় ইয়াৰে ৩১৫টা পূৰ্বৰ মামলা আৰু ১০০ আদালতৰ গোছৰ বুলি জানিব পৰা গৈছে ৷ জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশগ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মামলাসমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় ৷ অংশগ্ৰহণকাৰী সকলেও জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷
ইয়াৰোপৰি লোক আদালত আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষই সম্পূৰ্ণ ক’ভিড প্ৰট’কল অনুসৰি অংশগ্ৰহণকাৰীসকলক আদালত চৌহদত প্ৰৱেশ কৰিবলৈ দিয়ে ৷