ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ বৃদ্ধি পাইছে কোভিড পজিটিভৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৪০৫গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
আনহাতে ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৭৯ জনকৈ ব্যক্তি ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৯৯৫৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৫৮৭গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫৯০৭ গৰাকী ব্যক্তি।ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত দুজনৰ কোভিডত মৃত্যু।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১১৭ গৰাকীলৈ বৃদ্ধি পালে।