মনোজ কুমাৰ পাঠক:
লংকা : যোৱা নিশা পিপল পুখুৰীত সংঘটিত হৈছে এক ভয়াৱহ দূৰ্ঘটনা। প্ৰায় ১০ মান বজাত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ঠেলা আৰু টাটা মোবাইলৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় টাটা মোবাইলৰ চালক সুৰজ চৌহান ।
আনহাতে এই দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় হেণ্ডিমেন ৰতন মজুমদাৰ। দূৰ্ঘটনাগ্ৰস্ত টাটা মোবাইলৰ নম্বৰ আছিল AS02AC 9599। উল্লেখ এই দূৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ঠেলা চালক ভৱেশ দাস।